ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰোনাত আক্রান্ত হৈ প্রয়াত হ’ল বিশিষ্ট জ্যোতিষী বেজন দাৰুৱালা। কালি আহমেদাবাদৰ এক ব্যক্তিগত হস্পিটেলত ভর্তি কৰোৱা হৈছিল দেশৰ অন্যতম জনপ্রিয় জ্যোতিষীগৰাকীক। তেওঁক ICU-ত ৰখা হৈছিল। নিয়মিত পর্যবেক্ষণ কৰিছিল চিকিৎসকসকলেও। কিন্তু আজি শেষ নিঃশ্বাস ত্যাগ কৰে নব্বৈটিপৰ তাৰকা জ্যোতিষীগৰাকীয়ে।
তেওঁৰ মৃত্যুত শোক প্রকাশ কৰি টুইট কৰে গুজৰাটৰ মুখ্যমন্ত্রী বিজয় ৰুপাণীয়ে। উল্লেখযোগ্য যে জন্ম মুম্বাইত হ’লেও দীর্ঘ সময় গুজৰাটতেই কটাইছিল দাৰুৱালাই। সেই সূত্রে ঘনিষ্ঠতা আছিল ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী তথা বর্তমানৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতেও।
জ্যোতিষী হিচাবে খ্যাতি কম নাছিল বেজন দাৰুৱালাৰ। মোৰাৰজি দেশাই, অটল বিহাৰী বাজপেয়ীৰ পৰা নৰেন্দ্র মোদীৰ দৰে একাধিক প্রধানমন্ত্রীৰ নির্বাচনত বিজয়ৰ আগতীয়া ভবিষ্যৎবাণী কৰিছিল তাৰকা জ্যোতিষীগৰাকীয়ে। ইয়াৰ উপৰি প্রাক্তন প্রধানমন্ত্রী ৰাজীব গান্ধীৰ হত্যা, ছোনিয়া গান্ধীৰ দুর্ঘটনা আৰু ভূপাল গেছ-দুর্ঘটনাও আগতীয়াকৈ জনাইছিল দাৰুৱালাই।











