ASSAM TIMES POST
নিউজ ডেস্ক:
কেন্দ্ৰক সংবিধান সংশোধন কৰি ‘ইণ্ডিয়া’ শব্দৰ বিপৰীতে ‘ভাৰত’ বা ‘হিন্দুস্তান’ ব্যৱহাৰৰ আদেশ দিব লাগে বুলি জনোৱা এক আবেদনৰ অহা ২ জুনত ছুপ্ৰিম কোর্টে শুনানি দিব। উল্লেখযোগ্য যে উক্ত আবেদনখনত ইয়াৰ দ্বাৰা আমাৰ নিজৰ ৰাষ্ট্ৰীয়তাৰ গৌৰৱ বৃদ্ধি পাব বুলি উল্লেখ কৰা হৈছিল।
আবেদনখনত মহামান্য আদালতক ভাৰতীয় সংবিধানৰ অধ্যায় ১ৰ সংশোধন ঘটাবলৈ কেন্দ্ৰক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিবৰ বাবেও আবেদন জনোৱা হৈছিল।উল্লেখযোগ্য যে উক্ত আবেদনখনৰ শুনানিৰ বাবে ন্যায়ালয়ৰ শুকুৰবাৰৰ কাৰ্যক্ৰমণিকাত অন্তৰ্ভুক্ত কৰা হৈছিল যদিও মুখ্য ন্যায়াধীশ এছ এ ব’বডেৰ অনুপস্থিতিৰ বাবে তাক বাদ দিয়া হৈছিল।
দেশৰ শীৰ্ষ আদালতখনৰ ৱেবচাইটত জাৰি কৰা জাননী অনুযায়ী অহা ২ জুনত মুখ্য ন্যায়াধীশৰ নেতৃত্বৰ খণ্ড আদালতত শুনানিৰ বাবে এই আবেদন গ্ৰহণ কৰা হ’ব।











