ASSAM TIMES POST
নিউজ ডেক্স:
আমেৰিকাৰ দৰে পৃথিৱীৰ সবাতোকৈ আগশাৰীৰ দেশত উৰাবাতৰি বিয়পি পৰাত বিভিন্ন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে৷ উল্লেখ্য যে সমগ্ৰ বিশ্বতে অব্যাহত আছে ক’ৰোনা ভাইৰাছ আতংক৷ ইয়াৰ মাজতে ওলাইছে উৰাবাতৰি৷ এই উৰাবাতৰিয়ে এতিয়া বিভিন্ন মহলৰ মাজত আলোচ্যৰ বিষয় হৈ পৰিছে৷
তাতকৈ আচৰিত কথা এয়ে যে এই উৰাবাতৰিত নাম সাঙোৰ খাই পৰিছে একালৰ পৃথিৱীৰ সবাতোকৈ ধনী ব্যক্তি বিল গেটছ৷ উৰাবাতৰিটোৰ মতে, ক’ৰোনা সংক্ৰমণৰ পিছত হাত আছে বিল গেইটছ৷ এনে উৰাবাতৰিটো আমেৰিকাৰ ২৮ শতাংশ লোকে সত্য বুলি মানি লৈছে বুলি এক সমীক্ষাত প্ৰকাশ৷ এই উৰাবাতৰিৰ লগতে আন এক উৰাবাতৰি উলাইছে যে ক’ভিড-১৯ প্ৰতিষেধকৰ বাবে মানুহৰ মাজত ট্ৰেকিং ডিভাইছ প্ৰস্তুত কৰাৰ চেষ্টা কৰিছে বিল গেটছে৷ ইপিনে, এই সমগ্ৰ বিষয়টোকে অতি অবিশ্বাস্য বুলি কৈছে স্বয়ং বিল গেটছে৷
ক’ৰোনা ভাইৰাছ প্ৰতিষেধক উলিওৱাৰ ক্ষেত্ৰত উদ্যোগী বিল গেটছ৷ এই কামত বিল গেটছ আৰু তেওঁৰ পত্নী মেলিণ্ডা গেটছ দুয়ো সক্ৰিয়৷ ইতিমধ্যে বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচনে প্রতিষেধক প্ৰস্তুত কৰাৰ কামত ৩০ কোটি ডলাৰৰ আৰ্থিক সাহায্যৰ প্ৰতিশ্ৰুতি দিছে৷ তাৰ পাছতো এই মহামাৰীৰ পিছত বিল গেইটছৰ হাত আছে বুলি উৰাবাতৰি বিয়পি পৰিছে৷ এই ক্ষেত্ৰত দক্ষিণপন্থীসকলৰ দাবী, যিকোনো ধৰণেৰে এই মহামাৰীৰ উৎসত জড়িত গেইটছ আৰু ইয়াৰ বিয়পোৱাত তেওঁৰে হাত আছে৷
তদুপৰি ক’ৰোনাৰ প্ৰতিষেধক বিক্ৰী কৰি তাৰ পৰা লাভ তুলিবলৈ চেষ্টা কৰিব বিল গেটছে৷ ইয়াহু নিউজ আৰু ইউগভ নামৰ এটা আন্তর্জাতিক মাকের্ট ৰিচাৰ্ছ আৰু ডাটা এনালাটিকছ প্ৰতিষ্ঠানৰ যৌথ সমীক্ষাৰ প্ৰতিবেদনত কৰা দাবী মতে আমেৰিকাৰ ২৮ শতাংশ লোক এই ধাৰণাত বিশ্বাসী৷ ৰিপাব্লিকানসকলৰ ভিতৰত ৪৪ শতাংশ লোকে ইয়াক সত্য বুলি মানি লৈছে৷ আনহাতে আমেৰিকাৰ জনপ্ৰিয় টেলিভিচন চেনেল নেটৱৰ্ক ‘ফক্স নিউজ’ৰ ৫০ শতাংশ দৰ্শকে ইয়াক মানি লৈছে৷
অৱশ্যে এমএছএনবিচি নামৰ এটা টেলি-নেটৱৰ্কৰ ৬১ শতাংশ দৰ্শকে কোৱা মতে ই এক ভ্ৰান্ত ধাৰণা৷ এই বিষয়ে বিল গেইটছ সমগ্ৰ বিষয়টোকে অদ্ভুদ বুলি আখ্যা দিছে৷ তেওঁ কয়, মই ক’তো কোনো ধৰণেৰে মাইক্ৰ’ছিপ সংক্ৰান্তীয় বিষয়ৰ লগত জড়িত নহয়৷ বিল গেটছৰ মন্তব্য, এই ধৰণৰ বিষয়বোৰ বিশ্বাস কৰাটোত সমস্যা৷ উল্লেখ্য যে মহামাৰীক লৈ দীৰ্ঘ দিন ধৰি সচেতনতা প্ৰচাৰৰ কামত জড়িত বিল গেটছ৷ ২০১৫ চনত তেওঁ ‘টেড টকছ’ বিষয়ে সতর্কবার্তা দিছিল৷
এই অনুষ্ঠানত বিশ্বজুৰি এক মহামাৰীত মৃত্যুৰ আশংকাৰ কথা শুনাইছিল বিল গেটছে৷ এই কামত বিশ্বনেতাসকলক সক্ৰিয় হ’বলৈ তেওঁ কৈছিল৷ এতিয়া তাকে লৈ এই উৰাবাতৰি ওলাইছে৷ উল্লেখ্য যে ক’ৰোনা প্ৰতিষেধক প্ৰস্তুত কৰা কামত অহা ৫ বছৰৰ বাবে অতিৰিক্ত ১৬০ কোটি ডলাৰৰ প্ৰতিশ্ৰুতি দিছে বিল আৰু মেলিণ্ডা ফাউণ্ডেচনে৷











