ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰোনাত আক্রান্ত ১৯৯৩ চনৰ মুম্বাই বিস্ফোৰণৰ মূল অভিযুক্ত ডাউদ ইব্রাহিম! কুখ্যাত আণ্ডাৰৱৰ্ল্ড ডন আৰু তেওঁৰ পত্নী মেহেজবিনৰ ক’ৰোনা পজিটিভ বুলি দাবী কৰিছে দেশৰ এক আগশাৰীৰ ইংৰাজী সংবাদ মাধ্যম CNN News 18-এ। লগতে জনা গৈছে, সস্ত্রীক ডাউদৰ উপৰি ক’ৰোনা আক্রান্ত হৈছে মাফিয়া ডনৰ এজন ব্যক্তিগত দেহৰক্ষী আৰু কৰ্মচাৰীও।
কৰাচীৰ এখন হস্পিটেলত ডাউদ আৰু তেওঁৰ পত্নী ভর্তি হৈ আছে বুলিও জানিব পৰা গৈছে। চৰকাৰৰ শীর্ষ সূত্রৰ উদ্ধৃতি দি এনেকুৱাই দাবী কৰিছে এই সংবাদ মাধ্যমে। অৱশ্যে ডাউদ বর্তমান পাকিস্তানত নে অন্যত্র ক’ৰবাত আছে, সেয়া স্পষ্টভাৱে জানিব পৰা হোৱা নাই।
গেংষ্টাৰ ডাউদ ইব্রাহিমৰ পাকিস্তানত উপস্থিতিৰ প্রমাণ একাধিকবাৰ ইছলামাবাদৰ হাতত তুলি দিছে দিল্লীয়ে। কিন্তু বাৰম্বাৰ সেয়া অস্বীকাৰ কৰি আহিছে পাকিস্তানে। ডুবাইতো ডাউদৰ উপস্থিতিৰ প্রমাণ হাতলৈ আহিছে দেশৰ কেন্দ্রীয় চোৰাংচোৱাৰ।











