ASSAM TIMES POST
নিউজ ডেস্ক:
এটি মর্মান্তিক আত্মহত্যাৰ ঘটনা পোহৰলৈ আহিছে! নিজৰ পত্নী আৰু সন্তানক হত্যা কৰি নিজৰ ডিঙিত ফাঁচি লগাই আত্মঘাতী হয় পৰিয়ালৰ মুৰব্বী। আৰক্ষীৰ সূত্রত এই কথা প্ৰকাশ।
উল্লেখযোগ্য যে ২০১৮ চনত নতুন দিল্লীৰ বুৰাৰিত এনে এক মৃত্যুৰ ঘটনাই ঘটিছিল।পৰিয়ালৰ ১১জন সদস্যই একেলগে আত্মঘাতী হৈছিল।
অৱশ্যে তাৰ বাবে কোনো পাৰিবাৰিক দ্বন্দ্ব জগৰীয়া নাছিল। জনা গৈছিল সেই পৰিয়ালটোৰ সকলো সদস্যই প্রায়ে তন্ত্র সাধনা কৰিছিল। তন্ত্র সাধনাৰ সিদ্ধি লাভৰ বাবেই তেনেকুৱা হঠকাৰিতাৰ এক সিদ্ধান্ত লৈছিলে পৰিয়ালটোৱে।
কিন্তু আজিৰ বৰাবাকিৰ এই আত্মহত্যাৰ ঘটনাই সেই দুবছৰ আগৰ ৰাজধানীৰ ঘটনাক পুনৰ মনত পেলাই দিয়ে। পৰিয়ালৰ ৫জন সদস্যৰ মৃত্যু হৈছে একেলগে। অৱশ্যে ৰাজধানীৰ আত্মহত্যাৰ কাৰণৰ সৈতে এই পৰিয়ালটোৰ আত্মহত্যাৰ কাৰণ সম্পূর্ণ পৃথক।শনিবাৰে পুৱা পশ্চিমবঙ্গৰ বৰাবাকিত ৫জনৰ একেলগে আত্মহত্যাৰ খবৰ পাই এলেকাটোৰ বাসিন্দাসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি হয়।
পুলিচে ঘৰৰ ভিতৰৰ পৰা পৰিয়ালটোৰ মুৰব্বীজনৰ ওলমি থকা মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীৰ অনুমান, নিজৰ পত্নী আৰু সন্তানকেইটাক হত্যা কৰি তাৰ পিছত নিজকে শেষ কৰে এই পৰিয়ালটোৰ মুৰব্বীজনে। ঘৰৰ ভিতৰত পোৱা গৈছে এখন চুইচাইড নোট। সেইখনক ফৰেনচিক পৰীক্ষাৰ বাবে পঠোৱা হৈছে।
ঘৰৰ ভিতৰত পত্নী আৰু সন্তানকেইটাৰ ৰক্তাক্ত দেহ উদ্ধাৰ কৰা হৈছে।আৰক্ষীৰ সন্দেহ, লকডাউন আৰু কাম হেৰুওৱাৰ বাবে আর্থিক সংকটত পৰিছিল। আৰু সেই কাৰণেই হয়তো পিৰিয়ালটো আত্মঘাতী হয়। অৱশ্যে অন্য কোনো কাৰণ আছে নেকি তাৰো তদন্ত কৰিছে আৰক্ষীয়ে।











