ASSAM TIMES POST
নিউজ ডেস্ক:
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি ঘোষণা কৰে যে দিল্লীৰ চৰকাৰী হস্পিটেলসমূহে কৰোনা ভাইৰাছৰ বাবে কেৱল দিল্লীৰ নাগৰিককহে সেৱা আগবঢ়াব। আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ হস্পিটেলসমূহ সকলোৰে বাবে খোলা থাকিব।
আনহাতে, নিউৰো ছাৰ্জাৰীৰ দৰে বিশেষ ছাৰ্জাৰীৰ হস্পিটেলসমূহৰ বাহিৰে নিৰ্বাচিত ব্যক্তিগত হস্পিটেলসমূহো দিল্লীৰ নাগৰিকৰ বাবে সংৰক্ষিত থাকিব বুলিও দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় ৰাজধানীলৈ বিশেষ ছাৰ্জাৰীৰ বাবে অহা ৰোগীসকলকো ব্যক্তিগত হস্পিটেলত চিকিৎসা আগবঢ়োৱা হ’ব।
উল্লেখযোগ্য যে এই সপ্তাহৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰোনা ভাইৰাছ অতিমাৰীৰ বাবে দিল্লীৰ নাগৰিকৰ বাবে হস্পিটেল সংৰক্ষণ কৰিব লাগেনে নালাগে এই বিষয়ত সাধাৰণ জনতাৰ পৰা পৰামৰ্শ বিচাৰিছিল।











