ASSAM TIMES POST
নিউজ ডেস্ক:
মহামাৰী ক’ৰোনাৰ কালদংশনে দেশজুৰি সংহাৰ চলাইছে। ক’ৰোনাক নিয়ন্ত্ৰণ কৰিবলৈ এক দিঘলীয়া সময়ৰ বাবে দেশত লকডাউন অব্যাহত আছে।যাৰ বাবে দেশৰ অৰ্থনীতি কিছু পৰিমানে বিপৰ্যস্থ ও হৈছে।তাৰ মাজতে ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে পেট্ৰল- ডিজেলৰ মুল্য।
প্ৰতিলিটাৰ পেট্ৰলত ৫৪পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ৫৮পইচা বৃদ্ধি পালে।চৰকাৰী তেল বিপনন কোম্পানীয়ে জাৰি কৰা অধিসূচনা অনুসৰি দিল্লীত মঙলবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৭৩টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য হলগৈ ৭১.১৭টকা।প্ৰায় ৮২দিন পেট্ৰল-ডিজেলৰ মূল্য সালসলনি নকৰাকৈ দেওবাৰৰে পৰা মূল্য হ্ৰাস-বৃদ্ধি কৰা হৈছে।











