ASSAM TIMES POST
নিউজ ডেক্স:
পাকিস্তানত এইবাৰ গ্ৰেপ্তাৰ হৈছে এটা গাধ৷ গাধটোৰ অপৰাধ এখন দৌৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ নিয়া হৈছিল৷ ঘটনাটো সংঘটিত হৈছে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ৰহিম ইয়াৰ খান চহৰত৷ এই চহৰত গাধৰ নামত জুৱা খেল আয়োজন কৰে৷
সেই অপৰাধত আঠজন ব্যক্তিৰ লগতে এটা গাধক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰিছে৷ ইয়াৰ লগতে লোককেইজনৰ পৰা ১ লাখ ২০ হাজাৰ পাকিস্তানী মুদ্ৰা উদ্ধাৰ হৈছে৷ প্ৰকৃততে সেই ঠাইত গাধৰ দৌৰৰ আয়োজন কৰা হৈছিল৷ অভিযুক্তই সেই গাধ দৌৰৰ বাবে টকাৰ বাজি মাৰিছিল৷
কিন্তু সেয়া হ’ল বেআইনী৷ খবৰ পায়ে আৰক্ষী সেই স্থানত উপস্থিত হয়৷ আৰক্ষীয়ে অভিযুক্ত আঠ ব্যক্তি আৰু এটা গাধ ধৰি নিয়ে৷ স্থানীয় চেনেল ছামা টিভিৰ মতে অভিযুক্তৰ নাম তালিকাত গাধৰ নাম আছিল৷ তাৰ বিৰুদ্ধেও এফআইআৰ দিয়া হৈছে৷











