ASSAM TIMES POST
নিউজ ডেক্স:
পশ্চিমবংগৰ পুৰুলিয়াৰ জয়পুৰৰ বালিগাঁৱৰ দিলদাৰ আৰু তেওঁৰ ভাতৃ চৰফৰাজে কেৰালাৰ কাচাৰগোড়ত বেগ কাৰখানাত কাম কৰে। লকডাউনত তাতেই বন্দী হৈ আছিল। সোমবাৰে নিশা ১০টাত কাজনগৰ ষ্টেচনৰ পৰা দিলদাৰ, তেওঁৰ পত্নী ৰেচমা, তেওঁলোকৰ তিনি সন্তান, চৰফৰাজ আৰু দুই ভাতৃৰ সহকর্মীৰ সৈতে ৰে’লত উঠে।
চৰফৰাজে কয়, ‘‘প্রচণ্ড গৰম আছিল। বৌৱেকৰ কোলাত আছিল ১৮ দিনীয়া কন্যা সন্তান ৰাবিয়া। নিশা ২ বজাত দেখা যায়, শিশুটোৱে লৰচৰ কৰা নাই।’’ তেওঁৰ দাবী, অনেক চেষ্টা কৰিও ৰাবিয়াৰ সাৰসুৰ নোপোৱাত ফোনত ৰে’লৰ ‘হেল্পলাইন’ত যোগাযোগ কৰা হয়।
কিন্তু সহায় পোৱা নগ’ল।শ্রমিক পৰিয়ালটোৰ দাবী, শিশুটি যেতিয়া অসুস্থ হৈছিল, তেতিয়া ৰে’লখন আছিল ওড়িশাৰ ব্রহ্মপুৰৰ কাষত। তাৰ পিছত ভুবনেশ্বৰ, ভদ্রকসহ বিভিন্ন ষ্টেচনত ৰে’ল ৰখিছিল। কিন্তু ক’তো সহায় লাভ নকৰে। প্লেটফর্মত নামি আৰক্ষীক সকলো জনোৱাৰ পিছতো ওলোটাই তেওঁলোককেই ‘ধমক’ দি ৰে’লত তুলি দিয়া হয়।
আনহাতে, খড়গপুৰ ৰে’ল আৰক্ষীৰ ডেপুটি ছুপাৰ শেখৰ ৰায়ে কয়, “ৰে’ল যেতিয়া বিভিন্ন ষ্টেচনত ৰখিছিল, তেতিয়া ৰে’লৰ পক্ষৰ পৰা ডাক্তৰে শিশুটোক চাব পাৰিলেহেঁতেন।’’আনহাতে, দক্ষিণ-পূব ৰে’লৰ ছিনিয়র ডিভিজনেল কমাৰ্চিয়েল মেনেজাৰ আদিত্য চৌধুৰীয়ে কয়, “খবৰ পায়ো ডাক্তৰ চাব নাযাব, তেনেকুৱা নহয়। হেল্পলাইন নম্বৰত পৰিয়ালটোৱে যোগাযোগ কৰাৰ কথাটো তদন্ত কৰি চোৱা হ’ব।” আনহাতে, চৰফৰাজে কয়, “ৰাবিয়া আৰু ঘূৰি নাহে। কিন্তু ৰে’লমন্ত্ৰী আৰু প্ৰধান মন্ত্ৰীলৈ পত্ৰ লিখিম। যাতে আন কোনো এই সমস্যাত পৰিব লগা নহয়।”











