ASSAM TIMES POST
নিউজ ডেস্ক:
লাডাখৰ প্রকৃত নিয়ন্ত্রণ ৰেখাত (এলঅচি) ভাৰত আৰু চীনৰ সেনাৰ সঙ্ঘাতে এইবাৰ ৰূপ ললে ৰক্তক্ষয়ী সংঘর্ষৰ। সোমবাৰে নিশা গলৱান উপত্যকাত আক্ৰমণ চলাবলৈ আহি ভাৰতীয় বাহিনীৰ প্রত্যুত্তৰত নিধন হৈছে পাঁচ চীনা সেনা। আক্ৰমণত ভাৰতীয় সেনাৰ এজন কর্নেল আৰু দুই জোৱানো ছহিদ হৈছে। সেনা সূত্রৰ খবৰ মতে, সংঘর্ষত গুলীয়াগুলী চলা নাই।
শিল আৰু ৰডেৰে মাৰামাৰিতেই প্রাণহানিৰ ঘটনা ঘটিছে। ঘটনাৰ পিছতেই প্রধানমন্ত্রী নৰেন্দ্র মোদীক পৰিস্থিতি সম্পর্কে অৱগত কৰোৱা হয়। প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, বিদেশমন্ত্রী এছ জয়শঙ্কৰ আৰু চীফ অফ ডিফেন্স ষ্টাফ (চিডিএছ) জেনেৰেল বিপিন ৰাৱাতে দুপৰীয়া স্থল, নৌ আৰু বায়ুসেনাৰ প্রধানসকলৰ সৈতে বৈঠকত পৰিস্থিতি পর্যালোচনা কৰে।
আনহাতে, ৰাজনাথ সিঙে আজি বিয়লি প্রধানমন্ত্রীৰ সৈতে বৈঠকত লাডাখৰ পৰিস্থিতি ব্যাখ্যা কৰে। সেনা সূত্রৰ খবৰ, হতাহত বিষয়া আৰু জোৱান কেইজন ১৬ বিহাৰ ৰিজিমেণ্টৰ। এই বেটেলিয়নৰ কমাণ্ডিং অফিচাৰ, এজন জুনিয়ৰ কমিছনড অফিচাৰ আৰু এজন ৰাইফলমেন আছে এই তালিকাত।
আহত হৈছে কেইবাজনো সেনা।অন্যহাতে, বেইজিঙৰ তৰফৰ পৰাও আজি গলৱান উপত্যকাত সংঘর্ষত চীনা সেনাৰ মৃত্যুৰ ঘটনা স্বীকাৰ কৰা হৈছে। ইফালে নতুন দিল্লীক উদ্দেশ্যি চীনৰ বিদেশ মন্ত্রণালয়ৰ মুখপাত্র ঝাও লিঝিয়ানয়ৰ সতৰ্কবাণী, ‘একপক্ষীয় পদক্ষেপ গ্ৰহণ নকৰিব।’ চীনৰ চৰকাৰী সংবাদ মাধ্যম গ্লোবেল টাইমছৰ দাবী, ভাৰতীয় সেনাই প্রথম আক্ৰমণ চলাইছিল।
চীনৰ পাঁচজন সেনা নিহত আৰু ১১জন আহত হৈছেন। সেনাৰ নর্দার্ন কমাণ্ডৰ প্রধান লেফটেনেণ্ট জেনেৰেল দীপেন্দ্র সিংহ হুডাই আজি কয়, ‘‘পূৰ্বৰ অচলাৱস্থাসমূহৰ তুলনাত এইবাৰৰ পৰিস্থিতি অনেক গুৰুতৰ।
সমস্যা সমাধানৰ পথত দ্রুতভাৱে আগুৱাব লাগিব।’’উল্লেখ্য যে ৪৫ বছৰ পিছথ চীনা আক্ৰমণত ভাৰতীয় সেনাৰ মৃত্যুৰ ঘটনা ঘটিল। ১৯৭৫ চনত অৰুণাচল প্রদেশৰ চিন টুলুংলাত অসম ৰাইফেলছৰ টহলদাৰী বাহিনীৰ ওপৰত আক্ৰমণ চলাই চাৰিগৰাকী জোৱানক হত্যা কৰিছিল চীনা সেনাই।











