ASSAM TIMES POST
নিউজ ডেস্ক:
এফালে চীনৰ সৈতে ভাৰতৰ সংঘৰ্ষ৷ এনে সময়তে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৰাছিয়া ভ্ৰমণৰ উদ্দেশ্যে ৰাওনা হ’ব৷ অহা সোমবাৰে মস্কো অভিমুখে ৰাওনা হ’ব প্ৰতিৰক্ষা মন্ত্ৰী৷ মস্কোত দ্বিতীয় বিশ্বযুদ্ধ জয়ৰ আনন্দত প্ৰতি বছৰে ২৪ জুনত ‘ভিক্টৰী ডে পেৰেড’ হয়৷ এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে যাব প্ৰতিৰক্ষা মন্ত্ৰী সিং৷
তাৎপর্যপূর্ণভাৱে এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীও৷ সেনা সূত্ৰ মতে মস্কোৰ ৰেড স্কোৱাৰ অনুষ্ঠিত হ’ব লগা ‘ভিক্টৰী ডে পেৰেড’ত এজন কৰ্নেল পদমৰ্যাদা বিষয়াৰ নেতৃত্বত অংশগ্ৰহণ কৰিব ভাৰতৰ তিনিটা বাহিনীৰ এটা যৌথ দলে৷ তদুপৰি ৰেড স্কোৱাৰত এজন মেজৰৰ নেতৃত্বত পেৰেডত অংশ ল’ব শিখ লাইট ইনফেণ্টৰি ৰেজিমেণ্টৰ জোৱানে৷
উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধত ‘ব্রিটিছ ইণ্ডিয়ান আর্মি’ৰ হৈ নাৎচি বাহিনীৰ বিৰুদ্ধে যুঁজ কৰিছিল শিখ লাইট ইনফেণ্টৰি ৰেজিমেণ্টে৷ যুদ্ধৰ সাহসিকতাৰ বাবে বহু পুৰস্কাৰ লাভ কৰিছে এই ৰেজিমেণ্টে৷ সকলো মিলি দ্বিতীয় বিশ্বযুদ্ধত প্ৰায় ৮৭ হাজাৰ ভাৰতীয় সেনাৰ মৃত্যু হৈছিল৷
ইপিনে, ১৭ জুনত মস্কোৰ পৰা দিয়া এক বিবৃতি মতে ৰাছিয়াৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া ঝাখাৰোভাই কয়, ৰুছ সামৰিক বাহিনীৰ সৈতে ভাৰত আৰু চীনৰ সৈন্য দলেও ৰেড স্কোৱাৰত মাৰ্চ কৰিব৷
মস্কোত ভাৰত আৰু চীন দুয়ো দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী উপস্থিত থাকিব৷ লাডাখক লৈ সংঘৰ্ষ হৈ থকা সময়তে ৰাছিয়াৰ পৌৰোহিত্যত মস্কোত পৰ্দাৰ আঁৰত মন্ত্ৰী দুজনৰ আলোচনা হ’ব নে নাই সেয়া অদ্যাপি স্পষ্ট নহয়৷











