ASSAM TIMES POST
নিউজ ডেস্ক:
দেওবাৰে দীৰ্ঘ সময়ৰ সূৰ্যগ্ৰহণৰ পাছতে উত্তৰ-পূৱত এক ভূমিকম্পৰ সৃষ্টি হয়৷ ৰিখটাৰ স্কেলত এই ভূমিকম্প ৫.১ প্ৰাৱল্যৰ আছিল৷ ইয়াৰ কেন্দ্ৰ মিজোৰামৰ আইজলৰ পৰা ২৫ কিলোমিটাৰ নিলগত বুলি প্ৰকাশ৷
বিয়লি প্ৰায় ৪.১৬ বজাত ভূমিকম্পটোৱে উত্তৰ পূৱৰ বিভিন্ন ঠাই কঁপাই তোলে৷ আনহাতে ভূমিকম্পটো ৩৫ কিলোমিটাৰ গভীৰতাৰ পৰা সৃষ্টি হৈছে৷ মিজোৰামৰ লগতে অসম আৰু মেঘালয়ৰ বহু ঠাইত এই ভূমিকম্প অনুভূত হয়৷
আনহাতে জম্মু আৰু কাশ্মীৰৰ ৰাজোৰীত দেওবাৰে ৰিখটাৰ স্কেলত ২.৬ প্ৰাৱল্যৰ এটা ভূমিকম্প হয়৷ দুয়োটা ভূমিকম্পৰ পৰা কোনো ক্ষয়ক্ষতিৰ বাতৰি পোৱা নাই৷











