ASSAM TIMES POST
নিউজ ডেস্ক:
কাশ্মীৰত হোৱা এক সংঘৰ্ষত তিনিটা সন্ত্ৰাসবাদীৰ মৃত্যু হয়৷ দেওবাৰে শ্ৰীনগৰৰ জাদিবল এলেকাত এই ঘটনা সংঘটিত হয়৷ এটা ঘৰত সন্ত্ৰাসবাদী গোপনে আশ্ৰয় লোৱাৰ কথা আৰক্ষী আৰু সেনাই জানিবলৈ পাই যৌথ অভিযান চলায়৷
সেনাৰ সূত্ৰ মতে সন্ত্ৰাসবাদী কেইটাক আত্মসমর্পণ কৰিবলৈ কোৱাত অস্বীকাৰ কৰে৷ তাৰ বিপৰীতে সেনা আৰু আৰক্ষীলৈ গুলী চালনা কৰে৷ লগে লগে তাৰ প্ৰত্যুত্তৰ দিয়ে নিৰাপত্তাৰক্ষীয়ে৷
কাশ্মীৰ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে দেওবাৰে পুৱা শ্ৰীনগৰৰ জাদিবল৷আৰু জুনিমাৰত পজৱালপোৱা এলেকাত সন্ত্ৰাসবাদী গোপনে আশ্ৰয় লৈ থকাৰ খবৰ পাই নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান চলায়৷
এই অভিযানত সন্ত্ৰাসবাদীৰ পিতৃ-মাতৃক মাতি আনি আত্মসমর্পণৰ প্ৰস্তাৱ দিয়ে৷ কিন্তু তাৰ পৰিৱৰ্ত্তে সন্ত্ৰাসবাদীয়ে গুলী চালনা কৰে৷ প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়ে গুলী চালনা কৰে৷ ফলত তিনিটা সন্ত্ৰাসবাদীৰ মৃত্যু হয়৷











