ASSAM TIMES POST
নিউজ ডেস্কঃ
ক’ৰোনাৰ সংক্ৰমণ চলি থকাৰ সময়তে চীনত কুকুৰৰ মাংস খোৱাৰ উৎসৱ আৰম্ভ হৈছে৷ দক্ষিণ পশ্চিম চীনৰ ইউলিন চহৰত ১০ দিন ধৰি চলিব এই উৎসৱ৷ এই মেলাক লৈ বহু লোকে আশ্চৰ্য প্ৰকাশ কৰিছে৷ কেৱল বাদুলিয়ে নহয় পোহনীয়া প্ৰাণী কুকুৰৰ মাংস খোৱাৰ নিয়ম প্ৰচলন আছে চীনত৷ বৰ্তমানে মেলাখন আৰম্ভ হৈছে৷ প্ৰতি বছৰে হাজাৰ হাজাৰ মানুহৰ সমাগম হয় এই মেলাত৷ বহু পশুপ্ৰেমীয়ে মেলাখন বন্ধ কৰিবলৈ দাবী জনালেও মেলাখন ৰমৰমীয়াকৈ চলি আছে ৷
উল্লেখ্য যে যোৱা বছৰ চীনৰ উহান প্ৰদেশতে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হয়৷ এই ৰোগ আৰম্ভ হোৱাৰ পাছত চীনত সাপ, বাদুলি আদি জীৱ-জন্তু খোৱা বন্ধ হৈছিল৷ যোৱা এপ্ৰিলত ছেনজেন চহৰত কুকুৰৰ মাংস খোৱা নিষিদ্ধ হয়৷ কিন্তু ইউলিন চহৰত এই বছৰো অব্যাহত আছে উৎসৱ৷











