ASSAM TIMES POST
নিউজ ডেস্ক:
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিৰুদ্ধে পুনৰ ‘আত্মসমৰ্পণ’ কৰাৰ অভিযোগ তুলিলে ৰাহুল গান্ধীয়ে। লাদাখত চীনা আগ্রাসনৰ পিছত এইবাৰ ক’ৰোনা ভাইৰাছ সংক্রমণ প্রতিৰোধৰ প্রশ্ন তুলি শনিবাৰে প্রাক্তন কংগ্রেছ সভাপতিৰ টুইট, ‘‘দেশৰ নতুন নতুন এলেকাত দ্রুতগতিত কোভিড-১৯ বিয়পি পৰিছে। কিন্তু কেন্দ্রীয় চৰকাৰৰ তাক প্ৰতিৰোধৰ বাবে কোনো পৰিকল্পনা নাই। প্রধানমন্ত্রী নিশ্চুপ। তেওঁ অতিমাৰীৰ সৈতে যুঁজ কৰাৰ সলনি আত্মসমর্পণ কৰিছে।’’
ৰাহুল গান্ধীয়ে আজি তেওঁৰ টুইটৰ সৈতে এটি সংবাদ মাধ্যমত প্রকাশিত খবৰো ‘এটাচ’ কৰিছে। প্রকাশিত খবৰত কোৱা হৈছে, ক’ৰোনা ভাইৰাছ সংক্রমণ মোকাবিলাৰ বাবে বিগত দুসপ্তাহত চৰকাৰী স্তৰত আনকি, কোভিড-১৯ প্রতিৰোধৰ দায়িত্বপ্রাপ্ত কেন্দ্রীয় প্রতিষ্ঠান ‘ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিছার্চ’ (আইচিএমআৰ)ৰ এখনো বৈঠক হোৱা নাই! শেষবাৰ ৯ জুনত কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষ বর্ধনৰ বৈঠক হৈছিল ক’ৰোনা মোকাবিলা বিষয়ক মন্ত্রী মণ্ডলীৰ।











