![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ক’ৰোনা ভাইৰাছৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ ফলত শিক্ষাৰ্থীসকলৰ মাজত পূৰ্বতকৈ পঢ়াৰ কচৰৎ হ্রাস পোৱাৰ লগতে মানসিক চাপ বাঢ়ি গৈছে। সেয়ে শিক্ষাৰ্থীসকলৰ মাজত সুস্থিৰ শৈক্ষিক পৰিৱেশ বৰ্তাই ৰখাৰ উদ্দেশ্যৰে অসমৰ প্ৰথমখন আইন মহাবিদ্যালয় বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ অধ্যাপক ডঃ আশুতোষ কুন্ডুৰ তত্বাৱধানত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হয় এখন অনলাইন কুইজ প্ৰতিযোগিতাৰ। আইনী সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আইনী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰা হয় কুইজ প্ৰতিযোগিতাখন।
যোৱা ২ জুলইত অনুষ্ঠিত সদৌ অসম আন্তঃ মহাবিদ্যালয় কুইজ প্ৰতিযোগিতাত ৰাজ্য ২০ খন আগশাৰী আইন মহাবিদ্যালয়ৰ ১৫২গৰাকী প্ৰতিযোগিয়ে অংশ লয়। অনলাইনযোগে অনুষ্ঠিত কুইজ প্ৰতিযোগিতা ফলাফল আজি (দেওবাৰ)ত ঘোষণা কৰা হয়।
প্ৰথম স্থান দখল কৰে জে বি ল’ কলেজৰ অৰিফ ইছলামে। দ্বিতীয় স্থান বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰে দুজনকৈ শিক্ষাৰ্থী ক্ৰমে চাদিকা ইয়েছমিন আৰু মফিদুল ইছলামৰ লগতে ডঃ আৰ কে বি ল’ কলেজ, ডঃ ৰোহিনী কান্ত বৰুৱা ল’ কলেজ আৰু উত্তৰ বংগ বিশ্ববিদ্যালয়ৰ ৩ জনকৈ ছাত্ৰই।তদুপৰি, গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ অনুপমা দেৱীয়ে লাভ কৰে তৃতীয় স্থান। স্থান লাভ কৰা আটাইকে প্ৰদান কৰা হয় ই-চাৰ্টিফিকেট।











