![]()
জিতেন বৰকটকী,নগাঁও :
প্ৰতি বছৰে জুলাই মাহৰ প্ৰথমটো ৰবিবাৰে অনুষ্ঠিত কৰি অহা নগাঁও লেখিকা সমাৰোহ সমিতিৰ বাৰ্ষিক অনুষ্ঠান “মেঘদূত অধিবেশন” কালি পুৱা ১০ বজাৰ পৰা অনলাইন সুবিধাৰ আলমত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। সমিতিৰ সম্পাদিকা ৰীতা শৰ্মাই আঁতধৰা সভাখনৰ আৰম্ভণিতে দীপালী বৰা কলিতাই বৰগীত পৰিবেশন কৰে। সভাত ডঃ থুনু কলিতা আৰু ডঃ মঞ্জু লস্কৰে কালিদাসৰ মেঘদূত কাব্যৰ ওপৰত তত্ত্ব গধুৰ ভাষণ প্ৰদান কৰে।
মূলত: সংস্কৃত ভাষাৰ প্ৰসাৰ, প্ৰচাৰ আৰু বিশ্লেষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি নগাঁও লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত ১৯৯২ চনৰে পৰা প্ৰতিবছৰে অনুষ্ঠিত কৰি অহা মেঘদূত অধিবেশনৰ অলিখিত ইতিহাসৰ ওপৰত আলোকপাত কৰে সদৌ অসম লেখিকা সমাৰোহৰ প্ৰাক্তন সভানেত্রী আভা বৰাই।
জ্যেষ্ঠা সদস্যা ৰেণু দেৱী, বীণা শৰ্মা, দীপা বৰুৱা আৰু প্ৰিয়ম্বদা বৰাৰ জ্ঞানগৰ্ভমূলক বক্তৃতাই সকলোকে আপ্লুত কৰে। অপৰা ফুকন প্ৰমুখ্যে বাৰগৰাকী কবিৰ কবিতাই মঞ্চ জীপাল কৰি তোলে।
একক অভিনয়, অনুগল্প, গল্পপাঠ, আবৃত্তি আৰু নতুনকৈ সদস্য ভুক্তহোৱা চন্দনাৰ গীত আৰু জ্যোতিভাৰ কথিকাই সকলোকে মুগ্ধ কৰে। শিল্পী ৰঞ্জন বেজবৰুৱাই সংস্কৃত ভাষাত পৰিবেশন কৰা ”চিৰচেনেহী মোৰ ভাষা জননী’ শীৰ্ষক গীতটিয়ে অনুষ্ঠানটিক নতুন মাত্ৰা প্ৰদান কৰে।
আনহাতে, জাপানী কবিতাৰ অনুবাদ, বিয়ানাম, দিহানামৰ চন্দময় ধাৰাৰ অন্তত সভানেত্ৰী নিৰু দেৱীয়ে ভাষনত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে । সাংস্কৃতিক সম্পাদিকা স্বপ্না নেওগ বৰাই শলাগৰ শৰাই আগঢ়াই আৰু অসম সংগীতেৰে চলিত বর্ষৰ মেঘদূত অধিবেশনৰ সামৰণি পৰে।










