লংকাৰ পৰা মনোজ কুমাৰ পাঠক
ৰাজ্যত পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা। এইবাৰ হোজাই জিলাৰ লংকাৰ কাকী টঙিয়াত যৌতুকৰ বাবে বোৱাৰীৰ ওপৰত স্বামীয়ে চলালে অত্যাচাৰ। জানিব পৰা মতে, প্ৰায় চাৰি মাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল কদমণি পথাৰৰ আফছানা বেগম আৰু কাকী টঙিয়াৰ আফাচউদ্দীন। প্ৰথমে থিকেই আছিল পিছে বিবাহৰ কিছুদিন পিছৰ পৰাই লাগিল অথন্তৰ। যৌতুক বিচাৰি স্বামীৰ ঘৰৰ পৰিয়ালে নানান ধৰণৰ বোৱাৰীৰ ওপৰত অত্যাচাৰ চলাই আহিছে। আনকি আফচানা বেগমক কেৰাচিন ঢালি জ্বলাই দিয়াৰো চেষ্টা কৰিছিল স্বামীৰ পৰিয়ালে বুলি অভিযোগ আনিছে আফচানাৰ পৰিয়ালে।
তাৰোপৰি যৌতুকৰ বাবে দুই লাখ টকাৰ দাবী কৰিছিল, আৰু পকী ঘৰ এখন বনাই দিবলৈ দাবী কৰিছে স্বামীৰ পৰিয়ালে । বৰ্তমান আফচানা বেগমে কাকী থানাত এজাহাৰ দাখিল কৰিছে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি ভূমিকা লয়, ন্যায় পাবলৈ সক্ষম হবনে আফচানাই সেয়া পৰবৰ্তী লক্ষ্যনীয় হ’ব।










