ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

দণ্ডাধীশৰ উপস্থিতিত ডবকাত চিআৰপিএফে সাংবাদিকক প্ৰহাৰ

News Desk by News Desk
July 7, 2020
Reading Time: 1 min read
A A
0

প্ৰশাসনৰ বিৰুদ্ধে সৰৱ সাংবাদিক মহল : মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানলৈ স্মাৰক-পত্ৰ

RELATED POSTS

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

Assam CM Hails Tiger Conservation Success on International Tiger Day

হোজাই জিলাৰ ডবকাত দণ্ডাধীশৰ উপস্থিতিত চিআৰপিএফৰ দ্বাৰা সাংবাদিক নিৰ্যাতনৰ ঘটনাত সৰৱ হৈ পৰিছে সাংবাদিক মহল ৷ উচিত ন্যায়ৰ দাবীত পৃথকে পৃথকে পাঁচখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছে অসম চৰকাৰৰ শীৰ্ষ বিষয়ালৈ ৷ আজি হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ডবকা, হোজাই, মোৰাঝাৰৰ সাংবাদিকে অসম চৰকাৰৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, ৰাজ্যিক তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক, তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব আৰু মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীলৈ এই স্মাৰকপত্ৰ কেইখন প্ৰেৰণ কৰা হয় ৷

উল্লেখ্য যে যোৱা ৪ জুলাইৰ সন্ধিয়া ডবকাত বাতৰি সংগ্ৰহ কৰি থকাৰ সময়তে বৈদ্যুতিন সংবাদ মাধ্যম নিউজ ১৮ অসমৰ সাংবাদিক আব্দুল হাকিম চিআৰপিএফৰ প্ৰহাৰৰ সন্মুখীন হয় ৷ হোজাই শংকৰদেৱনগৰৰ এগৰাকী সহকাৰী আয়ুক্তই লগত লৈ আহিছিল চিআৰপিএফ বাহিনী ৷ ডবকাত ৰাইজে সম্পূৰ্ণ ৰূপে লকডাউন আৰু কাৰফিউ মানি চলাৰ সময়তেই হোজাইৰ এগৰাকী সহকাৰী আয়ুক্তই চিআৰপিএফ বাহিনী লগত লৈ স্থানীয় ৰাইজ, পথচাৰিক জধে-মধে মাৰপিটৰ কৰাৰ খবৰ পাই বাতৰি সংগ্ৰহ কৰাৰ বাবে ডবকা-ডিফু ৰোডলৈ যাওঁতেই চলন্ত বাইকত এজন চিআৰপিএফে আক্ৰমণ কৰে ৷

সেই সময়ত সাংবাদিকগৰাকীয়ে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে ৷ নিজকে সাংবাদিক বুলি পৰিচয় দিয়াৰ পিছতো চাৰিজন চিআৰপিএফ আৰু সহকাৰী আয়ুক্তগৰাকীয়ে সাংবাদিক গৰাকীক শাৰিৰীক নিৰ্যাতন কৰিছিল । অৱেশ্যে ঘটনাৰ সময়ত ডবকা আৰক্ষী থানাৰ কোনো আৰক্ষীৰ দল নাছিল ৷ জিলাখনৰ এগৰাকী সহকাৰী আয়ুক্তই লগত লৈ ঘূৰি ফুৰা চিআৰপিএফৰ দলৰ দ্বাৰা সাংবাদিকক প্ৰহাৰ কৰা ঘটনাক লৈ ৰাইজৰ লগতে দল সংগঠনৰ মাজতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

ইতিমধ্যে ঘটনা সংক্ৰান্তত সাংবাদিকগৰাকীয়ে সহাকাৰী আয়ুক্তৰ বিৰুদ্ধে ডবকা থানাত এটা গোচৰ তৰিছে ৷ হোজাই জিলাৰ বিভিন্ন প্ৰেছ ক্লাবে এই ঘটনাক গৰিহনা দি আজি পাঁচখন স্মাৰক-পত্ৰ প্ৰদান কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৷

উল্লেখ্য যে, হোজাইত সাংবাদিক নিৰ্যাতন কৰাৰ এই ঘটনা নতুন নহয়; একাংশ দুৰ্নীতিপৰায়ণ লোকৰ দুৰ্নীতি উদঙাই দিয়াৰ বাবে সাংবাদিকৰ বিৰুদ্ধে কেতবোৰ ভুৱা গোচৰ ৰুজু কৰাৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দল-সংগঠনৰ লগতে হোজাইৰ সচেতন মহলে ৷ উল্লেখযোগ্য যে বিগত সাত বছৰৰ পৰা হোজাই জিলাত নাই জনসংযোগ বিষয়া ৷ যাৰ বাবে জিলাখনৰ সাংবাদিকসকলে তথ্য সংগ্ৰহ কৰাত অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে ৷ সাংবাদিকসকলে যোগাযোগ কৰিবলৈ জিলাখনত জনসংযোগ বিভাগ এটা আছে যদিও ২০১৪ চনৰ পৰা জনসংযোগ বিষয়াৰ পদটো খালী হৈ আছে ৷ জিলা উপায়ুক্তই অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱাক ভাৰপ্ৰাপ্ত জনসংযোগ বিভাগৰ দ্বায়িত্ব দিছে যদিও সাংবাদিকসকলে তেঁওৰ পৰা কোনো সহযোগ নোপোৱাৰ অভিযোগ উঠিছে ৷

জানিব পৰা মতে অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱাই জিলাখনৰ ৰাজহ বিভাগ, দুৰ্যোগ ব্যৱস্থাপনা, প্লেনিং এণ্ড ডেভেলপমেন্ট, এম বি টি চি, গ্ৰামোন্নয়ন, স্বাস্থ্য, এনআৰচি, লোক পিয়ল, গড়কাপ্তানি, কৃষি, জনসংযোগ বিভাগ আদি সহ কেবাটাও গুৰু দায়িত্ব থকাৰ বাবেই জিলাখনৰ সাংবাদিকসকলৰ সৈতে তথ্যতো দূৰৈৰ কথা, পৰিচয় পৰ্যন্ত হ’বলৈয়ো সময় নাই বুলি অভিযোগ উঠিছে ৷ জিলাখনত এজন স্থায়ী জনসংযোগ বিষয়াক নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে সাংবাদিকসকলে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief
Assam

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

by News Desk
July 29, 2026
50
Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families
Assam

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

by News Desk
July 29, 2026
50
Assam CM Hails Tiger Conservation Success on International Tiger Day
Assam

Assam CM Hails Tiger Conservation Success on International Tiger Day

by Staff Reporter
July 29, 2026
50
Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates
Assam

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

by News Desk
July 28, 2026
50
Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized
Assam

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

by Staff Reporter
July 28, 2026
50
Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

by Staff Reporter
July 27, 2026
50
ADVERTISEMENT
Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief
Assam

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

July 29, 2026
50
Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families
Assam

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

July 29, 2026
50
Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case
National-International

Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

July 29, 2026
50
Assam CM Hails Tiger Conservation Success on International Tiger Day
Assam

Assam CM Hails Tiger Conservation Success on International Tiger Day

July 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

July 29, 2026
Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

July 29, 2026
Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

July 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx