
আদালতৰ নিৰ্দেশৰ পাছতে কাৰাৰুদ্ধ কৃষক নেতা স্বোৱাব সংগ্ৰহ স্বাস্থ্য বিভাগৰ। অখিল গগৈ, ধৈর্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰৰ কভিড-১৯ পৰীক্ষা বাবে মঙলবাৰে সংগ্ৰহ কৰা হয় স্বোৱাব।
উল্লেখ যে জ্বৰ, কাঁহ আৰু গাৰ বিষত অসুস্থ হৈ পৰা কৃষক নেতা অখিল গগৈৰ চিকিৎসাৰ উন্নত ব্যৱস্থা গ্ৰহণ কৰা বাবে নিয়া’ৰ বিশেষ আদালতে যোৱা ২ জুলাইত নিৰ্দেশ জাৰি কৰিছিল।
মঙলবাৰে পুনৰ আদালতে কাৰাৰুদ্ধ নেতা কেইজনৰ কৰ’ণা পৰীক্ষা সম্পন্ন কৰিবলৈ দিয়া নিৰ্দেশ প্ৰদান কৰিছিল।











