
নগাঁও : নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ প্ৰথমগৰাকী কয়দীৰ দেহত পোৱা গ’ল কোভিদ ১৯ পজিটিভ। এটা গোচৰত অভিযুক্ত হৈ কিছুদিন পূৰ্বে নগাঁও কেন্দ্ৰীয় কাৰাগাৰলৈ নিক্ষেপ কৰা ইবচিতা আহমেদ নামৰ এগৰাকী ২৭ বছৰীয়া মহিলাৰ দেহত পোৱা গ’ল কোভিদ-১৯ৰ উপস্থিতি। কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পূৰ্বে ইবচিতাৰ শ্বাব পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। পৰীক্ষাৰ ফলাফলত ইবচিতাৰ দেহত কোভিড ১৯ৰ উপস্থিতি ধৰা পৰাত তেওঁক নগাঁও কোভিড হস্পিতাললৈ প্ৰেৰণ কৰা হয়।
তাৎপৰ্যপূৰ্ণ বিষয় যে ইবচিতাৰ স্বামীকো একেটা গোচৰতে জেললৈ প্ৰেৰণ কৰা হৈছিল। আনহাতে ইবচিতাৰ স্বামীৰো শ্বাব পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে যদিও বাতৰি লিখা পৰলৈকে ফলাফল জানিব পৰা নাই । ইপিনে শ্বাব টেষ্টত ইবচিতাৰ স্বামীৰ যদি পজিটিভ আহে তেন্তে বিষয়টো চিন্তনীয় হৈ পৰিব। কিয়নো ইবচিতাৰ স্বামীক কেন্দ্রীয় কাৰাগাৰৰ পুৰুষ কয়দীসকলৰ সৈতে ৰখা হৈছে।
আনহাতে নগাঁৱৰ ইটাপাৰাৰ চিআৰপিএফ কেম্পৰ তিনিজন জোৱানৰ দেহতো কোভিড-১৯ পজিটিভ পোৱা গৈছে । চিআৰপিএফৰ জোৱান দ্বিজেন্দ্ৰ কুমাৰ ডুবে, অৰুণ কুমাৰ আৰু জিতেন্দ্ৰ কুমাৰৰ শ্বাব পৰীক্ষাৰ ফলাফলত পজিটিভ পোৱা গৈছে। ইতিমধ্যে, তিনিওজনকে নমাইল স্থিত চিআৰপিএফ কেম্পৰ চিআৰপিএফ হস্পিতাললৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।











