
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলা পৰিষদ সন্দৰ্ভত বিধায়ক শিলাদিত্যৰ বিষ্ফোৰক মন্তব্য। আজি জিলা পৰিষদৰ সভানেত্ৰী ৰমাৱালা দেৱীয়ে উভটাই ধৰিলে বিধায়ক শিলাদিত্যক। সভানেত্ৰীগৰাকীয়ে হোজাইৰ নিজ বাসগৃহত সংবাদমেল পাতি কয় যে, হোজাই জিলা পৰিষদৰ উপ-সভাপতি নুৰ আহমেদৰ বিৰুদ্ধে অহা অনাস্হা প্ৰস্তাৱৰ পত্ৰ যোৱা ২৯ তাৰিখে উঠাই ল’বলৈ শিলাদিত্য দেৱে মোক ফোন যোগে জনাইছিল। তাৰ পৰা গম পোৱা যায় যে বিধায়কগৰাকী কংগ্ৰেছ আৰু এ আই ইউ বি এফৰ লগত মিলি আছে।
সভানেত্ৰী গৰাকীয়ে কয় যে, হোজাই জিলা পৰিষদ প্ৰথম অৱস্হাত কংগ্ৰেছৰ দখলত থকা সময়ত, বিধায়কগৰাকী ক’ত আছিল? বিধায়কগৰাকীক বাৰম্বাৰ কৈছিলো বিজেপিৰ দখললৈ আনিব লাগে বুলি, তেতিয়া তেওঁ গুৰুত্ব দিয়াই নাছিল। কিন্তু লামডিংৰ বিধায়ক শিবু মিশ্ৰ আৰু প্ৰাপ্তন জিলা সভাপতি অৰ্জুন মজুমদাৰেহে ৰাজ্যিক বিজেপিৰ নিৰ্দেশ মৰ্মে সহায় সহযোগ কৰিছিল। হোজাই জিলা পৰিষদত দুৰ্নীতি হোৱা প্ৰসংগত কয় যে, পৰিদৰ নামত কি পুঁজি আহিছে যে দূৰ্ণীতি হ’ব ? যদি শিলাদিত্যই দুৰ্নীতি হোৱাৰ প্ৰমাণ দিব পাৰে সভানেত্ৰী গৰাকীয়ে নিজেই সভানেত্ৰী পদত্যাগ কৰিব।
দুৰ্নীতি প্ৰসংগত সভানেত্ৰীগৰাকীয়ে আৰু কয় যে, হোজাইৰ ধলপুখুৰী আৰু যোগীজান ব্লকত অবাধ দূৰ্ণীতি চলি আছে, বিধায়ক শিলাদিত্য দুয়োটা ব্লকৰ মনিটৰিং কমিটিৰ চেয়াৰেন, তেওঁ কি কৰি আছে,তেওঁ কিয় ধৰিব পৰা নাই দুৰ্নীতি ? পৰিষদৰ সভানেত্ৰীগৰাকী ব্লকত গ’লে কি কাম আছে বুলি উলোটাই সভানেত্ৰীগৰাকীক ধমক দিয়াৰ অভিযোগ বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে।
“মই খিলঞ্জীয়া মনিপুৰী সম্পদায়ৰ হোৱাৰ বাবে মোক পৰিষদৰ সভানেত্ৰী হোৱাটো বিচৰা নাছিল বিধায়ক শিলাদিত্যই ।” হোজাই জিলা পৰিষদৰ সভানেত্ৰী ৰমাৱালা দেৱী। পূৰ্বৰ সভানেত্ৰী ৰেজিয়া চুলতানাক পুনৰ সভানেত্ৰী পতাৰ পৰিকল্পনা বৰ্তমান চলাই আছে বুলি বিষ্ফোৰক মন্তব্য দাঙি ধৰে বৰ্তমানৰ পৰিষদৰ সভানেত্ৰী ৰমাৱালা দেৱীয়ে। বৰ্তমান পৰিষদখনৰ বিৰোধিতা কৰি শিলাদিত্যই পৰিষদখন কংগ্ৰেছৰ হাতলৈ ঠেলি দিব বিচাৰিছে।










