নিউজ ডেক্স:
বৰ্ষীয়ান অভিনেতা তথা কমেডিয়ান জগদ্বিপে কালি নিশা ৮১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৩৯ চনৰ ২৯ মার্চত জন্মগ্ৰহণ কৰা জগদ্বিপৰ প্ৰকৃত নাম হ’ল ইস্তিয়াক আহমেদ জাফ্ৰি।শোলে চিনেমাৰ ‘চুৰমা ভূপালি’ চৰিত্ৰৰ বাবে জনপ্ৰিয় হৈ পৰা এইগৰাকী অভিনেতাই ৪০০তকৈও অধিক ছবিত অভিনয় কৰি গৈছে।
জগদ্বিপে তেওঁৰ অভিনয় জীৱন আৰম্ভ কৰিছিল বি আৰ চোপ্ৰাৰ ছবি আফছানাত এগৰাকী শিশু শিল্পী হিচাপে। নিজকে এজন কমেডিয়ান হিচাপে প্ৰতিষ্ঠা কৰে ব্ৰহ্মচাৰী ছবিৰ জৰিয়তে।উল্লেখযোগ্য যে বলিউড অভিনেতা জাভেদ জাফ্ৰি আৰু টেলিভিছন জগতৰ নিৰ্মাতা-নিৰ্দেশক নাভেদ জাফ্ৰি জগদ্বিপৰ দুগৰাকী সুযোগ্য পুত্ৰ।