
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকা আৰক্ষীৰ জালত দুই প্ৰবঞ্চকসহ ১ কি:গ্ৰা: সোণৰ ২ খন বিস্কুট জব্দ কৰে। আটকাধীন দুই প্ৰৱঞ্চক ক্ৰমে হিফজুৰ ৰহমান, ইদ্ৰিছ আলী। পশ্চিম ডাৱলংৰ ৰফিকউদ্দিনৰ ঘৰত বেজালি কৰিবলৈ আহি আৰক্ষীৰ হাতত আটক হ’ল প্ৰৱঞ্চকদ্বয়।
গোপন সূত্ৰৰ পম খেদি লংকা আৰক্ষীয়ে চলাইছিল অভিযান। বেজালি কাৰ্যত ব্যবহৃত দুটা কলহসহ এখন ছুইফট ডিজেয়াৰ বাহনো জব্দ কৰিছে আৰক্ষীয়ে। জব্দ কৰা চুইফ্ট ডিজেয়াৰ গাড়ী খনৰ নম্বৰ AS 02 M 1646 । ঘটনাৰ সংক্ৰান্তত লংকা আৰক্ষীৰ তদন্ত অব্যাহত ৷










