![]()
নিউজ ডেস্ক:
মহামাৰীৰ মাজতে আশাৰ বতৰা, ভাৰতত আগবাঢ়িছে ভেকচিন প্ৰস্তুতৰ কাম। কিন্তু কেতিয়া বজাৰলৈ আহিব ভেকচিন? কেতিয়া মানুহক প্রতিষেধক দিয়া হ’ব? তাক লৈ প্রশ্ন উঠিয়েই আছে। এফালে ১৫ আগষ্ট দিন নির্ধাৰণ কৰি দিয়া হৈছিল। এইবাৰ গৱেষকসকলে কৈছে, ইমান হুৰমুৰ কৰা ঠিক নহয়।
শুক্রবাৰে বিজ্ঞান আৰু প্রযুক্তি সংক্রান্ত পার্লামেন্টৰি ষ্টেণ্ডিং কমিটিক এই বিষয়ক লৈ জনালে চৰকাৰী বিষয়সকলে। তেওঁলোকে জনায়, অহা বছৰৰ পূৰ্বে কৰোনাৰ প্রতিষেধক অহাটো সম্ভৱ নহয়।
চলিত মাহৰ আৰম্ভণিৰ ফালে আইচিএমআৰে এটা টার্গেট নিৰ্ধাৰণ কৰিছিল। এটি বিজ্ঞপ্তিত জনাইছিল যে ১৫ আগষ্টৰ ভিতৰত ভেকচিন অনাৰ চেষ্টা চলিছে। বিৰোধীয়ে কৈছিল, নৰেন্দ্র মোদীৰ ৰাজনৈতিক স্বার্থ পূৰণ কৰিবৰ বাবেই হুৰমুৰ কৰি ভেকচিন অনাৰ কথা-বার্তা চলিছে।
শুক্রবাৰে এই সংক্রান্তত এই বৈঠক আছিল। তাত চৰকাৰী উপদেষ্টাসকলৰ তৰফৰ পৰা সাংসদসকলক জনোৱা হয় যে ভাৰত ভেকচিন আৰু জেনেৰিক মেডিচিনৰ ক্ষেত্রত অগ্রণী ভূমিকাত আছে। সেয়ে বিশ্বজুৰি ভেকচিনৰ বাবে যি দৌড় চলিছে, তাত ভাৰতে গুরুত্বপূর্ণ ভূমিকা ল’বলৈ আগবাঢ়িছে।
এক উচ্চপদস্থ বিষয়াই কয়, ‘বিশ্বৰ ৬০ শতাংশ প্রতিষেধক সৃষ্টি হৈছে ভাৰতত। সেয়ে ভাৰতে আগন্তুক দিনত ভেকচিন উৎপাদনৰ ক্ষেত্রত মুখ্য ভূমিকা ল’ব বুলি আশা কৰা যায়।’
আনহাতে, ভাৰত বায়োটেকে ভেকচিন তৈয়াৰ কৰাৰ অনুমোদন পাইছে ইতিমধ্যে। জানিব পৰা মতে, প্রাথমিকভাবে ১১০০ জনৰ শৰীৰত এই প্রতিষেধকৰ পৰীক্ষা হ’ব।
১৩ জুলাইৰ ভিতৰত এনৰোলমেন্ট প্রক্রিয়া সম্পূর্ণ কৰিব লাগিব। পৰ্যায় একৰ ফলাফল অহাৰ পিছত পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষা হ’ব। ১২খন ইনস্টিটিউট নিৰ্বাচন কৰা হৈছে ট্রায়েলৰ বয়ে। ইয়াৰ ভিতৰত আছে দিল্লী আৰু পাটনাৰ এইমছ।
পৰ্যায় একত অংশ ল’ব ৩৭৫ জনে। তিনিটা ভাগত তেওঁলোকক বিভক্ত কৰা হ’ব। প্রত্যেককে ১৪ দিনৰ মূৰে মূৰে দুটি ডজ দিয়া হ’ব। পৰ্যায় এক শেষ হ’লে পিছৰ পৰ্যায়ৰ বাবে ৭৫০ জনক নিয়া হ’ব।
কেন্দ্রীয় চৰকাৰে বিতর্কৰ অৱসান ঘটাই স্পষ্টভাৱে জনাইছে, ১৫ আগষ্ট নহয় কৰোনাৰ ভেকচিন ‘কোভেক্সিন’ জনসাধাৰণৰ বাবে আহিবলৈ ২০২১ চন পর্যন্ত সময় লাগিব। ইয়াৰ মাজতে পুনৰ আইসচিএমআৰে জনায়, কৰোনাৰ ভেকচিন মানৱ ট্রায়েলৰ বাবে সাজু কৰা হৈছে।











