
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
পুখুৰীৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ । মৃত ব্যক্তি জনৰ নাম হবিবুৰ ৰহমান (৩০)। ঘৰ হোজাইৰ যোগীজানত । যোৱা কালিৰ পৰা নিৰুদ্দেশ হৈ আছিল হবিবুৰ। উল্লেখ যে, হবিবুৰে বিয়া পতাৰ পিছৰ পৰা শহুৰেকৰ ঘৰ বৰদলৈ পথাৰতেই আছিল। কিছু দিনৰ পৰা পত্নীৰ লগত হোৱা পাৰিবাৰিক কন্দলৰ বাবে হবিবুৰ বৰদলৈ পথাৰতেই আন আত্মীয়ৰ গৃহত আছিল।
পত্নী আৰু স্হানীয় লোকৰ সন্দেহ হবিবুৰৰ আছিল মৃৰ্গী বেমাৰী সেয়হে, হয়তো পথেৰে গৈ থকা অৱস্থাত হবিবুৰৰ হথাত মৃৰ্গী বেমাৰে আক্ৰমণ কৰাত পথৰ কাষতেই থকা পুখুৰীত পৰি মৃত্যু হয় হবিবুৰৰ।
কিন্তু, হবিবুৰক হত্যা কৰি পুখুৰীৰ পানীত পেলাই দিয়াৰ সন্দেহ কৰিছে হবিবুৰৰ নিজ যোগীজানৰ পৰিয়ালে। হবিবুৰৰ নাছিল মৃৰ্গী বেমাৰ। বৰ্তমান ঘটনাস্হলীত তিনিআলী আৰক্ষী উপস্হিত হৈ মৃতদেহটো পানীৰ পৰা উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। দৰাচলতে, এইয়া হত্যা নে আত্মহত্যা সেইয়া মৰোনত্বৰ পৰীক্ষাৰ পিছতহে পোহৰলৈ আহিব।










