![]()
নিউজ ডেক্স:
পশ্চিম নেপালত শনিবাৰে হোৱা ভূমিস্খলনত ১৫জন লোক নিহত হয়৷ উল্লেখ্য যে দেশখনত ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন হৈছে৷ আনহাতে যোৱা ৪৮ ঘণ্টাত ভূমিস্খলনত দেশখনত মুঠ ৩৭ জন লোক নিহত হয় বুলি দেশখনৰ গৃহ মন্ত্ৰালয়ে জনাইছে৷
নিহত হোৱা ১৫ জন লোক মাইয়াদি জিলাৰ বুলি চৰকাৰী সূত্ৰত প্ৰকাশ৷ তদুপৰি দেশখনত ভূমিস্খলনত ১৫ জন লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে৷
আনহাতে শুকুৰবাৰে হোৱা ভূমিস্খলনত নেপালত ২২ জন লোক নিহত হৈছিল৷ দেশখনত যোৱা ৪৮ ঘণ্টাত মুঠ ৩৭ জন লোক ভূমিস্খলনত মৃত্যু হয়৷ চৰকাৰে সেনা আৰু আৰক্ষী নিয়োগ কৰি উদ্ধাৰ কাৰ্য চলাই আছে৷











