নিউজ ডেক্স:
![]()
তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে দেশৰ আন সকলো মুখ্যমন্ত্ৰীতকৈ সৰ্বাধিক দৰমহা লাভ কৰে৷ এই কথা পোহৰলৈ আহে ক’ৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে লকডাউন জাৰি কৰাৰ পাছত দেশত আৰ্থিক বিপৰ্যয়ৰ সময়তে৷ উল্লেখ্য যে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে দৰমহা হিচাপে প্ৰতি মাহে লাভ কৰে ৪.১০ লাখ টকা৷
* দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে লাভ কৰে প্ৰতি মাহে ৪ লাখ টকা৷
* উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰতি মাহে দৰমহা হিচাপে লাভ কৰে ৩.৬৫ লাখ টকা৷
* অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মহন ৰেড্ডীয়ে মাহেকত ৩.৩৫ লাখ টকা দৰমহা লাভ কৰে৷
* মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ভৱ ঠাকৰেয়ে মাহেকত দৰমহা পায় ৩.৪০ লাখ টকা৷
* গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে মাহেকত ৩.২১ লাখ টকা দৰমহা লাভ কৰে৷
* নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নিফিউ ৰিওই মাহেকত ১.১০ লাখ টকা দৰমহা লাভ কৰে৷ যিটো দেশৰ সকলো মুখ্যমন্ত্ৰীতকৈ কম৷
* মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙে মাহেকত ১.২০ লাখ টকা দৰমহা লাভ কৰে৷
* মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰড চাংমাই ১.৫০ লাখ টকা দৰমহা লাভ কৰে৷
* অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১.৩০ লাখ টকা দৰমহা লাভ কৰে৷
* অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেম খুন্দুৱে ১.২৫ লাখ টকা দৰমহা হিচাপে লাভ কৰে৷











