নিউজ ডেস্ক:
![]()
বিগ বি অমিতাভ বচ্চন আৰু পুত্ৰ অভিষেক বচ্চনৰ পিছত এইবাৰ বচ্চন পৰিয়ালৰ আন দুই সদস্য ক্ৰমে ঐশ্বৰ্য্য ৰায় বচ্চন আৰু আৰোধ্যাৰ দেহতো পোৱা গ’ল “ক’ভিড” ৰ অৱস্থিতি। প্ৰথমাৱস্থাত তেওঁলোকৰ ৰিপোৰ্ট নিগেটিভ আছিল যদিও শেহতীয়াকৈ অহা ৰিপোৰ্ট অনুসৰি তেওঁলোক দুয়োৰে দেহতো পোৱা গৈছে ক’ৰোণা ভাইৰাছৰ লক্ষণ।
ইতিমধ্যে শনিবাৰে অমিতাভ ও অভিষেক বচ্চনক মুম্বাইৰ নানাৱতী হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। দুয়োগৰাকী পিতা-পুত্ৰই টুইটযোগে তেওঁলোকৰ “পজিটিভ” ৰ বাতৰি ব্যক্ত কৰিছিল জনসাধাৰণৰ ওচৰত।অৱশ্যে জয়া বচ্চন আৰু অমিতাভ কন্যা শ্বেতা নন্দাৰ কোভিড ৰিপোর্ট নেগেটিভ আহিছে।











