
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাঃ “বিধায়ক শিলাদিত্যৰ নাটি-পুতিয়ে ভোগিৱ লাগিৱ পাপত, ৰাইজৰ অভিশাপ লাগিবই।” কোনে ক’ত ক’লে উক্ত বাক্য শাৰী, চাওক আমাৰ এই প্ৰতিবেদনত। এইয়া হোজাইৰ ধলপুখুৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত পদূমপুখুৰী গাওপঞ্চায়তৰ এটি জৰাজীৰ্ণ পথ। লংকা চহৰৰ পৰা পদূম পুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দ-গাঁও, এৰাবাড়ী,হাকলু, আলিছিঙা আদি কৰি তিনি- চাৰিখন গাঁও সংযোগ এইটোৱেই হ’ল এক মাত্ৰ পথ। কিন্তু পথটোৰ জৰাজীৰ্ণ অৱস্হা দেখিলে আপোনাৰ মোৰ চকু নিশ্বই কপালত উঠিব। বাৰিষা কাল আহিলেই প্ৰতি বছৰে পথৰ দূৰৱস্হাৰ বাবে জমৰ যাতনাত ভোগীৱ লগা হয় স্হানীয় গঞাই। পথৰ দূৰৱস্থাৰ বাবে বিগত দিনত উক্ত পথেদি অহা-যোৱা কৰাতে বহুজন দূৰ্ঘটনাটো পতিত হ’ব লগা হৈছে ।
আনহাতে আকৌ পথৰ দূৰৱস্থাৰ বাবে জৰুৰীকালীনভাৱে ব্যৱহৃত ১০৮ মৃত্যুঞ্জয় সেৱা বাহন গাঁও কেইখনলৈ আহিব নোৱাৰাত, বহুকেইজন মৃত্যু মুখতো পৰিছে। সেইহে দ’গাঁৱৰ ৰাইজে পথৰ দূৰৱস্থাৰ বাবে পথৰ ওপৰতেই ভূঁই ৰুই সাৱস্ত কৰিলে প্ৰতিবাদ। হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্যই যদি উক্ত জৰাজীৰ্ণ পথটি কমসময়ৰ ভিতৰত মেৰামতি কৰি নিদিয়ে তেন্তে তেওঁৰ নাটি-পুতিয়ে পাপত ভূগিব লাগিব বুলি স্হানীয় গঞাই এনেদৰে মনৰ ক্ষোভ প্ৰকাশ কৰে।










