![]()
নিউজ ডেস্ক:
দেশত এটাৰ পিছত আনটো ভূমিকম্প। এইবাৰৰ তালিকাত আন্দামান। নিশা ২.১৭ বজাত কেঁপি উঠে মাটি। ৰিখটাৰ স্কেল অনুযায়ী ৪.৩ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয় আন্দামানৰ দিগলিপুৰত।
দ্য নেচনেল চেন্টাৰ ফৰ ছিছমোলজিয়ে জনোৱা মতে, এই ভূমিকম্পৰ কেন্দ্র আছিল আন্দামানৰ দিগলিপুৰৰ পৰা ১৫৩ কি:মি: উত্তৰ-পশ্চিমে।অৱশ্যে এতিয়ালৈকে কোনো ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই। কিন্তু দেশৰ ভিতৰত বাৰম্বাৰ ভূমিকম্পৰ জোকাৰণিৰ ফলত চেপা উত্তেজনা বিৰাজ কৰিছে দেশবাসীৰ মনত। এই সৰু সৰু ভূমিকম্পই কোনো প্রলয়ৰ ইঙ্গিত দিছে নেকি? এতিয়া তাকে লৈ দুশ্চিন্তাত সাধাৰণ জনতা।
উল্লেখযোগ্য যে বিগত কেইবা দিনো ধৰি ভূমিকম্পত কঁপি আছে আন্দামান। যোৱা নিশাৰ ভূমিকম্পত অতঙ্কগ্ৰস্ত হৈ মানুহ ৰাজপথলৈ ওলাই আহে।একেদৰে, বিগত কেইবা দিন ধৰি এখনৰ পিছত আনখন ৰাজ্য কঁপি উঠিছে ভূমিকম্পত। কম্পন অনুভূত হৈছে উত্তৰ-পূবৰ ৰাজ্যসমূহতো। মিজোৰাম, অসমসহ একাধিক ৰাজ্যত কেইদিনমানৰ ব্যৱধানত এই ভূমিকম্প হৈছে। কেৱল সেয়াই নহয়, বিগত কেইবা পৰ্যায়ত কঁপি উঠিছে ৰাজধানী দিল্লীও। অদূৰ ভবিষ্যতত দিল্লীত ডাঙৰ ভূমিকম্প হ’ব পাৰে বুলিও আশঙ্কা কৰা হৈছে।
আইআইটি ধানবাদৰ ছিছমোলজি বিভাগৰ জিঅফিজিক্সৰ অধ্যাপক পিকে খানে বিগত মাহত এক সাক্ষাৎকাৰত জনাইছিল, ‘এটাৰ পিছত আন এটা সৰু মাত্ৰাৰ কম্পনৰ পৰাই ডাঙৰ ভূমিকম্পৰ ইঙ্গিত পোৱা গৈছে। এই বিষয়ত কেন্দ্র আৰু দিল্লী চৰকাৰে আগতীয়াকৈ সতর্ক হোৱা উচিত বুলিও তেওঁ বার্তা প্ৰেৰণ কৰে।










