![]()
নিউজ ডেস্ক:
বিগত ১০০ বছৰত কিমান বন্যপ্ৰাণী যে মানুহৰ অত্যাচাৰত বিলুপ্ত হৈ গৈছে তাৰ তালিকা অতি দীঘলীয়া। বিপন্ন প্রাণীৰ তালিকাও একেবাৰে কম নহয়। আৰু এই বিপন্ন তালিকাৰ একেবাৰে ওপৰৰ শাৰীতেই আছে বাঘ।

বিগত কেইবাটাও বছৰত বহু কেইটা প্রজাতিৰ বাঘৰ সংখ্যা কমি গৈছে। আৰু এই তালিকাত আছে এক বিৰল প্রজাতিৰ বাঘ। যাৰ গাৰ বৰণ সোণালী। চিৰিয়াখানাৰ বাহিৰে বিগত ১০০ বছৰত আৰু কোনো বনত এই প্রাণীবিধ দেখা পোৱা যোৱা নাই। এইবাৰ তাক দেখা গ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত।ৰাষ্ট্ৰীয় উদ্যান খনত দুষ্পাপ্য ‘সোণালী বাঘ’ৰ সন্ধান পোৱা বুলি শেহতীয়া কৈ দেশজুৰি চৰ্চা লাভ কৰিছে ছ’চিয়েল মিডিয়াত। বন্যপ্ৰাণীৰ ফটোগ্ৰাফাৰ ময়ূৰেশ হেন্দ্ৰেৰ কেমেৰাত ৰাষ্ট্ৰীয় উদ্যানখনত ’গল্ডেন টাইগাৰ’ অৰ্থাৎ সোণালী বাঘ ফটো বন্দী হোৱা বুলি প্ৰকাশ পাইছে সামাজিক মাধ্যমত।
গল্ডেন টাইগাৰ বা গোল্ডেন ট্যাবি টাইগাৰ হ’ল এটি ৰয়েল বেঙ্গল টাইগাৰৰ বিৰল ৰূপ। কমেও ৬ বাৰ কেমেৰাত ধৰা পৰা এই বাঘিনীৰ নাম ৰখা হৈছে ‘গোল্ডি’। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ।
আনহাতে, বিশ্বৰ একমাত্ৰ এশিঙীয়া গঁড়ৰ দুই-তৃতীয়াংশ এই ৰাষ্ট্ৰীয় উদ্যানতে বাস কৰে। কাজিৰঙাত এক সংৰক্ষিত অঞ্চল আছে, য’ত বেঙ্গল টাইগাৰৰ ঘনত্ব বিশ্বৰ সকলোতকৈ বেছি। ২০০৬ চনত ই ব্যাঘ্র প্রকল্প ঘোষিত হৈছে।










