
ছাত্ৰ মুক্তি সংগ্রাম সমিতি নেতা মানস কোঁৱৰ জামিন মঞ্জুৰ নিয়া আদালতৰ।বিগত সাত মাহ ধৰি কাৰাৰুদ্ধ হৈ আছিল ছাত্ৰ নেতাগৰাকী।কা-আন্দোলনৰ সময়ত ৰুজু হোৱা চান্দমাৰী থানা ১৩/১৯ নম্বৰ নিয়া’ৰ গোচৰত জামিন লাভ কৰিছে কোঁৱৰে। যোৱা ডিচেম্বৰ ১২ তাৰিখৰ দিনা পঞ্জিয়ন হৈছিল গোচৰ।
উল্লেখ যে অখিল গগৈ, বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰো বন্দী হৈ আছে উক্ত গোচতে। জ্যেষ্ঠ অধিবক্তা জীয়াউ কামাৰে আৰু শান্তনু বৰঠাকুৰে উক্ত জামিনৰ আৱেদন জনাইছিল। অন্য কোনো গোচৰ নাই মানস কোঁৱৰৰ বিৰুদ্ধে।ফলত আজিয়ে মুকলি আকাশৰ তললৈ ওলাব বন্দী নেতাগৰাকী- জনালে অধিবক্তাই।
আনহাতে, বিতু আৰু ধৈৰ্য জামিন সন্দৰ্ভত মঙলবাৰে (১৪ জুলাই) আছে শুনানি। একেদৰে কৃষক নেতা অখিল গগৈ জামিন সন্দৰ্ভত শুনানি আছে ১৬ জুলাইত-এই কথা জনালে অধিবক্তা কৃষ্ণ গগৈয়ে।
গুৰুত্বপূৰ্ণ কথা এই যে কৃষক নেতা অখিল, ধৈৰ্য আৰু বিতু ক’ৰনাত আক্রান্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে।











