
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
যাৰ পৰিণতিত যোৱা কালি বিধায়ক শিলাদিত্যই বিজেপিৰ পৰা অৱসৰ লোৱাৰ পথ বাছি লৈছে !! বিধায়ক শিলাদিত্য আৰু হোজাই বিজেপি সমিতিৰ কৰ্মীৰ মাজত চলিছে নেকি অভ্যান্তৰীণ সংঘাত যাৰ পৰিণতিত আজি জিলা বিজেপি কাৰ্যালয়ত জিলা পৰিষদৰ উপ-সভাপতি নুৰ আহমেদক সভাৰ জৰিয়তে ততাতয়াকৈ বিজেপিত যোগদান কৰা হʼল। ৰাজ্যিক বিজেপি, নেতা কৰ্মী কাৰ পক্ষত ? কিয় বিষয়টো নিয়ন্ত্ৰণ কৰিব পৰা নাই উচ্চ ৰাজ্যিক পৰ্যায়ৰ নেতাসকলে। সকলো বৰ্তমান পানীৰ তলৰ কাঁইট সদৃশ পৰিবেশ। আজি বিজেপিৰ হোজাই জিলা সমিতিৰ সভাপতি অনুপ দেৱ আৰু প্ৰাক্তন সভাপতি অৰ্জুন মজুমদাৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত দুয়ো সাংবাদিকক কয় এনেদৰে–
বিধায়ক শিলাদিত্য দেৱে বিজেপি দলৰ পৰা অৱসৰ লোৱাৰ ক্ষেত্ৰত জনোৱা নাচিল হোজাই জিলা বিজেপিৰ কৰ্মকৰ্তাক। আনহাতে, আকৌ হোজাই সভাপতিগৰাকীকো ব্যক্তিগতভাৱে জনোৱা নাছিল কোনো কথা। ষ্পষ্ট কৰিলে হোজাই জিলা বিজেপিৰ সভাপতি অনুপ দেৱে। তেওঁ পৰিষদৰ সন্দৰ্ভত কয় যে, বিধায়কগৰাকীয়ে কোৱাৰ দৰে কথাবোৰ নহয়।
হোজাই জিলা পৰিষদৰ উপ-সভাপতি নুৰ আহমেদে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি নিৰ্দলীয় হৈ আহিছিল। পদত্যাগৰ লিখিত পত্ৰ হোজাই জিলা বিজেপিৰ হাতত আছে। পিছতহে কংগ্ৰেছৰ পৰা নুৰ আহমেদক বহিষ্কাৰ কৰিছিল। পৰিষদত অবাধ দূৰ্ণীতি সন্দৰ্ভত কয় যে, পুৰনি পৰিষদৰ কিছু পুঁজি আছিল যদিও পৰিষদত পুঁজিক লৈ কোনো দূৰ্ণীতি হোৱা নাই। পুঁজিয়েই নাই দুৰ্নীতি হ’ব কʼৰ পৰা ? কান্ধত মোনা লৈ হোজাইত দলীয় কৰ্মীৰ মাজত বিভাজন অনা ৰাজ্যিক পৰ্যায়ৰ নেতা, কাৰ কথা বিধায়ক শিলাদিত্যই কৈছে নাজানো। তেওঁ নাম কোৱা নাই। বিজেপিৰ প্ৰায় সংখ্যক কৰ্ম কৰ্তাই কান্ধত মোনা লয়। ৰাজ্যিক পৰ্যায়তো বহু আছে কাৰ কথা কৈছে নাজানো। — জিলা সভাপতি অনুপ দেৱ।
আনহাতে, প্ৰাক্তন সভাপতি অৰ্জুন মজুমদাৰে কয় যে, বিধায়ক শিলাদিত্যই কিছু দিনৰ পৰা এনে কথা কৈ দলৰ কৰ্মীসকলৰ মনোৱল ভাঙিছে। কোন সেই কান্ধন মোনা লোৱা ব্যক্তিৰ লগত প্ৰাপ্তন জিলা সভাপতি অৰ্জুন মজুমদাৰ সম্পৰ্ক আছে, যদি সত সাহস আছে শিলাদিত্যই স্পষ্ট কৰক। হোজাই বিজেপিত হোৱা নাই দল কেন্দ্ৰীক ৰাজনীতি। — প্ৰাপ্তন সভাপতি অৰ্জুন মজুমদাৰ ।
আনহাতে, আকৌ শিলাদিত্যই অৰ্জুন মজুমদাৰক নাৰী লগত অপকৰ্ম কৰা বুলি সংবাদমেলত যি মন্তব্য আগবঢ়াইছিল তাৰ সন্দৰ্ভত অৰ্জুন মজুমদাৰে কয় যে, মোৰো এটা পৰিয়াল আছে। এনে বোৰ কথা দুনাই যাতে শিলাদিত্যই নকয়। ৰাজনৈতিকভাৱে যি কয় কওক কিন্তু ব্যক্তিগতভাৱে যাতে শিলাদিত্যই নকয়। নহ’লে মই আইনৰ আশ্ৰয় ল’ম।










