
নগাঁও : নগাঁৱত কৰ’না ভাইৰাছৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে। দিনে-দিনে দ্ৰুতত গতিত বৃদ্ধি পাব ধৰিছে কৰ’নাত আক্ৰান্তৰ সংখ্যা। কালি সন্ধিয়া আৰু আজিৰ দিনটোৰ ভিতৰত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৬১ জনলৈ বৃদ্ধি পালে। ইয়াকে লৈ জিলাখনত কৰ’নাত আক্রান্তৰ সংখ্যা ১,০০৮ জনলৈ বৃদ্ধি পালে। নগাঁও জিলা স্বাস্থ্য বিভাগৰ সুত্ৰই জনোৱা মতে কৰ’নাত আক্ৰান্তৰ সংখ্যা আজিৰ দিনটোত আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। কালি আৰু আজিৰ ভিতৰত কৰ’নাত আক্ৰান্তসকলক ভিতৰত ভ্ৰমণ বৃত্তান্ত নথকা কেইবাজনো লোক আছে বুলি স্বাস্থ্য বিভাগৰ সুত্ৰত প্ৰকাশ।
মন কৰিবলগীয়া কথা যে, নগাঁও চহৰৰ সমীপৰ কাতিমিৰী গ্ৰান্টত ৮ জনকৈ লোক ভ্ৰমণ বৃত্তান্ত নথকাকৈ কৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত দুটি শিশুও আছে। এই কেইজনক লৈ জিলাখনত বৰ্তমানলৈকে ৬৫ জনৰো অধিক ভ্ৰমণ বৃত্তান্ত নথকা লোক কৰ’নাত আক্ৰান্ত হৈছে। এনেদৰেই প্ৰতিদিনে জিলাখনত ভ্ৰমণ বৃত্তান্ত নথকা লোক কৰ’নাত আক্ৰান্তৰ হোৱাৰ খবৰে নগাঁও জিলা বাসীক চিন্তিত কৰি তুলিলে। সকলোৱে আশংকা প্ৰকাশ কৰিছে যে গণ সংক্ৰমণৰ দিশে ধাবমান হৈছে নগাঁও জিলা।
ইপিনে, আজি জিলাখনৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিতালৰ পৰা ২৪ জন, আৰু মোৱামাৰী আদৰ্শ চিকিৎসালয়ৰ পৰা ১৯ গৰাকীসহ মুঠ ৪৩ গৰাকী লোক সুস্থ হৈ উঠাত স্বাস্থ্য বিভাগে ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে। ইয়াকে লৈ জিলাখনত কৰ’নাত আক্রান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা ৬৭৭ জনলৈ বৃদ্ধি পালে।











