
নগাঁও : কৰোণাৰ ভয়াবহতাৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি নগাঁও জিলাত আৱিৰ্ভাৱ ঘটিছে মাৰাত্মক জাপানীজ এনকেফেলাইটিছ ৰোগৰ। জিলাখনত তিনিটি শিশু জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা বুলি জানিব পৰা হৈছে। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা এই শিশু কেইটা হৈছে কঁচুৱা ৰাঙলু বস্তিৰ ছেমিমা আখতাৰ (৫), পমিলা জাৰণিৰ শ্বাহনুৰ আলম (৪) আৰু দ গাওঁ অঞ্চলৰ আজাহাৰুল ইছলাম (৬) । অবশ্যে ইয়াৰে ছেমিমা আখতাৰ ক্ৰমশঃ সুস্থ হৈ উঠা বুলি জানিব পৰা গৈছে আৰু আন দুটি শিশুও সুস্থ হোৱাৰ পথত ।
নগাঁও জিলা মেলেৰিয়া বিভাগে জিলাখনত মেলেৰিয়া আৰু জাপানীজ এনকেফেলাইটিছ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত জিলা স্বাস্থ্য আৰু মেলেৰিয়া বিভাগে শেহতীয়াকৈ কেতবোৰ পদক্ষেপ গ্রহণ কৰা বুলি জানিব পৰা গৈছে। জিলা মেলেৰিয়া বিভাগে ২৪৬৮ গৰাকী লোকৰ শ্লাইদ সংগ্ৰহ কৰিছে।











