
অজন্তা তালুকদাৰ
বোকাখাত : কাজিৰঙাত আজি পুৱা বন্যাৰ্ত গঁড়ৰ আক্ৰমণত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছে সাংবাদিক। বৰ্তমান বোকাখাত মহকুমাত ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নদীৰ বাঢ়নী পানীৰ বানৰ তাণ্ডৱত বিপৰ্যস্ত সাধাৰণ জন-জীৱন। ব্যাপক হাৰত কৃষিখণ্ড, পশুধনৰ ক্ষতি সাধনৰ লগতে বানত আলৈ আথানি হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলৰ।

ইতিমধ্যে উদ্যানখনৰ ১২৫টা বন শিবিৰৰ এলেকাকে ধৰি ৮০ শতাংশ এতিয়া জলমগ্ন। বন্যাৰ্ত জীৱকুলে বাসস্থান আৰু খাদ্যৰ সন্ধানত উদ্যানৰ অন্তৰ্ভাগৰ পৰা ওলাই আহি উদ্যানৰ কাষৰীয়া এলেকাসমূহত প্ৰৱেশ কৰিছেহি। আজি পুৱা তেনে এটি বন্যাৰ্ত গঁড়ৰ আক্ৰমণত কাজিৰঙাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছে গোলাঘাটৰ প্ৰাগ নিউজৰ কেমেৰা পাৰচন ভাস্কৰ ৰাজখোৱা। জানিব পৰা মতে ৰাজখোৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি সমীপৰ হাতীখুলি চাহ বাগিচাৰ এটি পথত আশ্ৰয় লোৱা এটা বানাক্ৰান্ত গঁড়ৰ ভিডিঅ’গ্ৰাফী কৰি থকাৰ সময়তে ভাস্কৰলৈ চোচা লয় গঁড়টোৱে ৷
উপায়হীন হৈ ভাস্কৰে বিপৰীত দিশলৈ বুলি বাগিচাৰ পথেৰ দৌৰিছিল যদিও তীব্ৰ বেগী গঁড়টোৱে তেওঁক আক্ৰমণ কৰে। এই আক্ৰমণত গুৰুতৰভাবে আহত সাংবাদিক গৰাকীক ততাতৈয়াকৈ হাতীখুলি বাগিচা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ আহত ভাস্কৰ ৰাজখোৱাৰ ঘৰ বোকাখাতৰ কৈলাখাত গাওঁত ৷ ঘটনাৰ সবিশেষ তদন্তৰ বাবে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছেগৈ বনবিষয়াৰ দল।











