
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
সামগ্ৰীক ঘটনা বিবেচনাৰ বাবে একসপ্তাহৰ সময় কেন্দ্ৰীয় নেতৃবৃন্ধই বিধায়ক শিলাদিত্যৰ পৰা বিচৰাত, তেওঁ স্থগিত ৰাখে বিজেপিৰ পৰা অৱসৰ লোৱা কাৰ্যসূচী । এই সময়ছোৱাত দলীয় কামৰ বিৰত থাকিব বিধায়কগৰাকী। তেওঁৰ দাৱীসমূহ হ’ল হোজাই সমষ্টিৰ বিজেপি কৰ্মীসকল সুৰক্ষীত হ’ব লাগে।
ডিজিনেট্ৰেইড শিবিৰত থকা হিন্দু শৰণাৰ্থীসকলক মুকলি কৰিব লাগে আৰু এনাৰচিৰ পৰা বাংলাদেশী মুছলমানৰ নাম কৰ্তন কৰা আৰু হিন্দু বাঙালীৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে।
ধলা ঘটনাৰ উচিত তদন্ত হ’ব লাগে। লগতে কাকপথাৰ সুধিৰ বিশ্বাসৰ প্ৰসংগও উত্থাপন কৰা পৰিলক্ষিত হয়।










