
নগাঁও : নগাঁও সদৰ সমষ্টিত কংগ্ৰেছত সৃষ্টি হৈছে গৰাখহনীয়াৰ। সদৰ সমষ্টিৰ কেন্দুগুৰি গাঁও পঞ্চায়তত আজি কংগ্ৰেছৰ ৯ গৰাকী নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিয়ে বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত বিজেপি দলত যোগদান কৰা ঘটনাই পঞ্চায়তটোত কংগ্ৰেছৰ ভেটিত ব্যাপক খহনীয়াৰ সৃষ্টি কৰে।
আজি বিয়লি কেন্দুগুৰি পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টিৰ অস্থায়ী কাৰ্যালয়ত অনুষ্ঠিত সভাত বিধায়ক ৰূপক শৰ্মা, ভকতগাঁও জিলা পৰিষদৰ সদস্য ৱাজিবুল্লা কবিৰ আৰু জিলা সভাপতি অভিজিৎ নাথৰ উপস্থিতিত ৯ গৰাকী পঞ্চায়ত প্ৰতিনিধিসহ শতাধিক কংগ্ৰেছ কৰ্মীয়ে গেৰুৱা বসন পৰিধান কৰে। সংখ্যালঘু জনবসতি প্ৰধান পঞ্চায়তটোত কংগ্ৰেছৰ যথেষ্ট শক্তিশালী স্থিতি থকা বুলি চৰ্চিত হোৱাৰ সময়তে শতাধিক কংগ্ৰেছীয়ে দলত্যাগ কৰা কাৰ্যই চিন্তিত কৰি তুলিছে জিলাখনৰ কংগ্ৰেছী মহলক।

আনহাতে, বিজেপি দলত যোগদান সভাত ভাষণ প্ৰদান কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে ‘চবকা চাথ চবকা’ বিকাশ নীতিৰে ভাৰতীয় জনতা পাৰ্টিয়ে জাতি-বৰ্ণ-ধৰ্ম-নিৰ্বেশেষে সকলোকে লগত লৈ আগুৱাই যাব। বিধায়কগৰাকীয়ে লগতে কয় যে এতিয়া কংগ্ৰেছে ধৰ্মৰ কথা কৈ আৰু মুছলমান ভোটাৰক প্ৰৱঞ্চনা কৰিব নোৱাৰে। ২০২১ত বিজেপিৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন হ’ব বুলি মন্তব্য কৰি বিধায়কগৰাকীয়ে আৰু কয় যে নৰেন্দ্ৰ মোডী, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিগত দিনবোৰৰ দৰে অনাগত সময়তো সদৰ সমষ্টিৰ ৰাইজৰ সৰ্বাঙ্গীণ উন্নয়ণৰ বাবে তেওঁ কাম কৰি যাব।
উল্লেখ্য যে, কেন্দুগুৰিত অনুষ্ঠিত সভাখনত ভাৰতীয় জনতা পাৰ্টিৰ খাগৰিজান মণ্ডল, যুৱ মৰ্চা আৰু জিলা বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে।











