![]()
নিউজ ডেস্ক:
ক’ৰোনাক লৈ বিশ্বত যেন তোলপাৰ। দিনে দিনে এই মাৰণ ভাইৰাছৰ প্রকোপ বাঢ়িয়ে গৈছে। সমগ্র দেশৰ বিজ্ঞানীসকলে ভেকচিন আৱিষ্কাৰৰ চেষ্টা চলাই গৈছে। ইয়াৰ মাজতে বিশ্ববাসীক মাইক্রোছফট প্রতিষ্ঠাতা বিল গেটছে ক’লে, যাৰ বেছি দৰকাৰ তেওঁকেই আগতে দিয়ক ক’ৰোনাৰ ভেকচিন।
যিয়ে বেছি দাম দিব পাৰে তেওঁক নহয়। ন্যায় আৰু সংহতিৰ পথত নচলিলে এই অতিমহামাৰীৰ তাণ্ডব স্তব্ধ কৰা সম্ভৱ নহয়।তেওঁ লগতে কয়, কোভিডৰ ভেকচিন গৱেষণাত কোটি কোটি টকা খৰচ কৰিছে বহু দেশে। ভেকচিনৰ দৌৰত আগুৱাই আছে যিবোৰ দেশ তেওঁলোকে দুখীয়া আৰু উন্নয়নশীল দেশসমূহক আগতে ক’ৰোনাৰ টীকা উপলব্ধ কৰাওক।
অধিক দামত কেৱল ধনীসকলেই ভেকচিন বিকিলে স্বাস্থ্য সঙ্কটৰ মোকাবিলা কৰা সম্ভৱ নহয়।আন্তর্জাতিক এইডছ ছছাইটিৰ এক কনফাৰেন্সত মাইক্রোছফটৰ প্ৰধানগৰাকীয়ে কয়, “যিয়ে বেছি দাম দিব কেৱল তেওঁকেই ক’ৰোনাৰ ড্রাগ বা ভেকচিন বিক্ৰী কৰিলে লাভৰ লাভ একোৱেই নহ’ব। বৰং এনেদৰে বিশ্বৰ সকলো দেশলৈ ভেকচিন উপলব্ধ কৰাব লাগিব যাতে দুখীয়া আৰু প্রত্যন্ত এলেকাত থকা মানুহেও আগে সুবিধা পায়।
অধিকাৰৰ পাল্লাখন একে ফালে হালি থাকিলে এই মহামাৰী আৰু ভয়ঙ্কৰ পর্যায়ত উপনীত হ’ব।”বিশ্বৰ সকলো দেশকেই উদ্দেশ্য কৰি বিল গেটছে কয়, ৰাষ্ট্রনেতাসকলৰ উচিত সামঞ্জস্য ৰাখিয়েই কোভিড ভেকচিনৰ বিপণন কৰা। বিশ্বৰ যি দেশৰ যি এলেকাত সংক্রমণৰ প্রকোপ বেছি আগে তাত টীকা উপনীত কৰাৰ ব্যৱস্থা কৰিব লাগিব।
কেৱল মাত্র বজাৰ দৰ দেখি সিদ্ধান্ত ল’লে নচলিব। সংক্রমণ সার্বিক স্তৰত চম্ভালিবলৈ গ’লে নিঃস্বার্থ মনোভাব লৈয়েই চলিব লাগিব।কোভিড ভেকচিন তৈয়াৰ কৰিবলৈ ইতিমধ্যেই বিভিন্ন কোম্পানীক আর্থিক সাহায্য কৰিছে বিল আৰু মেলিন্ডা গেটছ ফাউন্ডেচনে। পেনচিলিভেনিয়াৰ বায়োটেক ফার্ম ইনোভি ফার্মাচিউটিকেলছৰ ভেকচিন গৱেষণাত চামিল হৈ আছে বিল গেটছো।জানিব পৰা গৈছে, এই ফার্মাচিউটিকেল কোম্পানীৰ কোভিড-১৯ ভেকচিন গৱেষণাৰ বাবে যাৱতীয় আর্থিক অনুদান দিছে বিল আৰু মেলিন্ডা গেটছ ফাউন্ডেচন আৰু কোৱালিচন ফৰ এপিডেমিক প্রিপেয়ার্ডনেছ ইনোভেছনছ।
গ্লোবেল এলায়েন্স ফৰ ভেকচিন এণ্ড ইমিউনাইজেচন (গাভি)ৰ সৈতে যৌথ উদ্যোগত বিশ্বৰ নানা দেশত ভেকচিনৰ ডোজ উপলব্ধ কৰাৰ বাবে আগন্তুক পৰিকল্পনাও কৰি ৰাখিছে তেওঁ।
বিশ্বত কোটি কোটি ভেকচিনৰ ডোজ আনাৰ কথা কৈছে বিল গেটছে। তেওঁৰ দাবী, আর্থিকভাবে পিছ পৰা দেশসমূহত ভেকচিন উপলব্ধ কৰাৰ ব্যৱস্থা কৰিব। তেওঁ জনায়, এচিয়া, ইউৰোপ, আমেৰিকাৰ বিভিন্ন কোম্পানীৰ সৈতে যোগাযোগ কৰি ভেকচিনৰ ডোজ উপলব্ধ কৰোৱা হ’ব কোভিড আক্রান্ত দেশসমূহত।











