
বিগত কেইবাদিনা ধৰি ৰাজ্যত নেৰেনেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ।গুৱাহাটীত বৰ্তমান সময়ত বিপদ সীমা ১মিটাৰ ওপৰেৰে গতি কৰিছে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ।
উল্লেখ যে জলপৃষ্ঠ বিপদসীমা ওপৰত আছে যদিও মঙলবাৰ দিনটোতকৈ হ্ৰাস পাইছে গুৱাহাটীত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ।মঙলবাৰৰ দিনটোত গুৱাহাটীত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ আছিল ৫০.৭৫মিটাৰ।আজি দিনটোত ৫০.৬৯ মিটাৰ হৈছে।

উল্লেখ যে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বিপদসীমা ৪৯.৬৮ মিটাৰ। আনহাতে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিয়ে কিছু বিপদৰ আশংকা বৃদ্ধি কৰিছে লাচিতঘাট, চন্দ্ৰপুৰ, উজানবজাৰ আদি অঞ্চললৈ।
অতি গুৰুত্বপূৰ্ণ কথা এই যে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি ফলত গুৱাহাটীৰ নৈ-উপনৈ সমূহৰ বৃদ্ধি পাইছে জলপৃষ্ঠ।বুধবাৰৰ দিনটোত গুৱাহাটী ভৰলু, মৰা ভৰলু নৈ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰিছে৷











