ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অখিল গগৈৰ মুক্তিৰ দাবীত কাৰ্বি আংলঙৰ আঠটাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সংবাদমেল

News Desk by News Desk
July 15, 2020
Reading Time: 1 min read
A A
0
অখিল গগৈৰ মুক্তিৰ দাবীত কাৰ্বি আংলঙৰ আঠটাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সংবাদমেল

New Logo Smal | ASSAM TIMES POST
ষ্টাফ ৰিপৰ্টাৰ

RELATED POSTS

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

Assam CM Hails Tiger Conservation Success on International Tiger Day

ডিফু : “কা” বিৰোধী আন্দোলনৰ সময়তে গ্ৰেপ্তাৰ হৈ বৰ্তমানলৈ কাৰাৰূদ্ধ হৈ থকা কৃষক মুক্তিৰ শীৰ্ষ নেতা অখিল গগৈৰ লগতে আন নেতা কেইবাগৰাকী শেহতীয়াকৈ কাৰাগাৰৰ ভিতৰতে গুৰুতৰভাৱে অসুস্থ হৈ পৰাৰ পিছতে ৰাজ্যজুৰি নেতা কেইগৰাকীৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ পৰিছে অগনন শুভাকাংক্ষী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষক মুক্তিৰ নেতৃবৰ্গক মুক্তি প্ৰদানৰ দাবীত প্ৰতিবাদ তথা ক্ষোভৰ বহিঃপ্ৰকাশ ঘটা দেখিবলৈ পোৱা গৈছে। ইয়াৰ মাজতে পাহাৰীয়া জিলা কাৰ্বি আংলংৰ কেইবাটাও ছাত্ৰ সংগঠনে আজি এক সংবাদমেলৰ আয়োজন কৰি কৃষক সংগঠনটোৰ নেতৃবৰ্গক নিঃচৰ্ত মুক্তি প্ৰদানৰ দাবী জনাই।

আজি দিনৰ প্ৰায় ২ বজাত বোকাজান বিলাতী মাটি কাৰখানাৰ অতিথিশালাত অনুষ্ঠিত সংবাদমেলত আঠটা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গই “কা” আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰা অখিল গগৈ সহিতেসমূহ কাৰাৰুদ্ধ “কা” বিৰোধী আন্দোলনকাৰীক শীঘ্ৰে জামিনত মুক্তি দিয়াৰ দাবী উত্থাপন কৰে। সংবাদমেলত উপস্থিত সংগঠনসমূহৰ নেতৃত্বই কয় যে বিগত ২০০ দিনৰো অধিক দিন ধৰি কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ। মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত ‘নিয়া’ৰ হাতত বন্দী হৈ থকা কৃষক নেতাগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটা তথা ক’ভিড-১৯ত আক্ৰান্ত হোৱাত মানৱীয়তাৰ খাতিৰত চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ তেখেতক শীঘ্ৰেই জামিনত মুক্তি দি উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।

কৃষক নেতাগৰাকীৰ ক্ষেত্ৰত সংগঠনসমূহে ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰি কয় যে বিজেপি শাসিত ৰাজ্যিক চৰকাৰখনে অখিল গগৈক আগন্তুক বিধানসভাৰ নিৰ্বাচন পৰ্যন্ত কাৰাৰূদ্ধ কৰি থোৱাৰ এক কু-চক্ৰান্ত ৰচিছে। এটাৰ পিছত আন এটা গোচৰ জাপি তেওঁক কেনেদৰে কাৰাৰুদ্ধ কৰি ৰাখিব পাৰি চৰকাৰে তাৰেই কু-চক্ৰান্ত ৰচনাত ব্যস্ত আছে। অখিল গগৈ ক’ৰোনাত আক্ৰান্ত বুলি তেওঁৰ স্বাৱ টেষ্টৰ ফলাফল এবাৰ পজিটিভ, এবাৰ নিগেটিভ অহাৰ আৰৰ ৰহস্যই প্ৰমাণ কৰে যে তেখেতক শাসনাধিষ্ট চৰকাৰখনে চলে, বলে, কৌশলে জেলৰ চাৰি বেৰৰ মাজত আৱদ্ধ কৰি ৰাখিব বিচাৰিছে।

বিজেপি চৰকাৰখনে অখিল গগৈক এনেদৰে বিভিন্ন মনে সজা গোচৰ জাপি তেওঁক শেষ কৰিব বিচাৰিছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে অখিল গগৈক যদি শেষ কৰি দিব পাৰে তেন্তে তেওঁলোকৰ ভবিষ্যত ৰাজনৈতিক পথ সুগম হৈ পৰিব। চৰকাৰে কি তথ্যৰ ভিত্তিত অখিল গগৈৰ মাওবাদীৰে সম্পৰ্ক থকা বুলি গোচৰ তৰিছে সেই তথ্য ৰাজহুৱা কৰাৰ লগতে অখিল গগৈসহ “কা” বিৰোধী অন্য কাৰাৰূদ্ধ সহযোগীসকলৰ অসমৰ কোনো জিলাত কিমান গোচৰ আছে সেইসমূহো ৰাজহুৱা কৰিবলৈ সংগঠনসমূহৰ নেতৃত্বই চৰকাৰক দাবী জনাই।

আনহাতে, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে ক’ৰোনা মহামাৰীৰ প্ৰকোপৰ পৰা জিলাবাসীক ৰক্ষা কৰাৰ স্বাৰ্থত যথেষ্ট খিনি সহায়-সহযোগ কৰিছে যদিও জিলাখনত ক’ৰো’নাই গণ সংক্ৰমণৰ দিশে গতি কৰিছে বুলি সংগঠনৰ নেতৃত্বই কয়। যিহেতু জিলাখনত চিকিৎসা খণ্ডৰ সা-সুবিধাসমূহ পৰ্যাপ্ত নহয়, গতিকে গণ সংক্ৰমণৰ দিশে গতি কৰা জিলাখনৰ সাধাৰণ জনতাই নিজৰ জীৱন ৰক্ষা কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যা তথা অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ব। সেয়েহে ক’ৰোনাৰ গণ সংক্ৰমণ ৰোধ কৰিবলৈ জিলাখনৰ আন্তঃজিলা আৰু আন্তঃৰাজ্যিক সীমাসমূহো অতি সোনকালে ছীল কৰিব লাগে বুলি সংগঠনৰসমূহৰ নেতৃত্বই দাবী উত্থাপন কৰে। কৰ’না তথা ক’ভিড-১৯ প্ৰতিহত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কিছু ব্যৱস্থাৰ ওপৰত সন্দেহৰ অৱকাশ থকাৰ কথা উল্লেখ কৰি আজিৰ সংবাদমেলত সংগঠনসমূহৰ নেতৃত্বই সপ্তাহত দুটা দিন শনি আৰু দেওবাৰ তথা প্ৰতি দিনে ৰাতি ৭ বজাৰ পৰা পুৱা ৭ বজালৈ দিয়া কাৰ্ফিউ কি উদ্দেশ্যত দিয়া হৈছে বুলি চৰকাৰক প্ৰশ্ন কৰে।

এই ব্যৱস্থাত চৰকাৰ আৰু বৃহৎ নদীবান্ধ নিৰ্মাণ লবীৰ কুটিল ষড়যন্ত্ৰৰ কথা উল্লেখ কৰি সংগঠনসমূহে কয় যে এই সময়খিনিত বৃহৎ নদীবান্ধ নিৰ্মাণ লবীয়ে নিৰ্মাণত ব্যৱহৃত সামগ্ৰীসমূহ কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ যাতে নিৰ্মাণস্থলীলৈ নিব পাৰে তথা সমগ্ৰ জাতিটোক চেপি, খুন্দি শেষ কৰিবৰ বাবেই চৰকাৰে এই দুদিনীয়া লকডাউন আৰু কাৰ্ফিউৰ ব্যৱস্থা কৰি দিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ যিসমূহ গোচৰক লৈ কাৰাৰূদ্ধ হৈ আছে সেই গোচৰসমূহত আজিৰ দিনলৈকে জামিন নোপোৱাত বহু কথাই ভাবিবলগীয়া হৈছে বুলি সংগঠনসমূহে কয়। সম্প্ৰতি অসমত শাসকীয় চৰকাৰখনে বৃটিছ আমোলতকৈ অধিক দমন নীতি চলোৱা বুলি ক্ষোভ প্ৰকাশ কৰি কয় যে ন্যায় ব্যৱস্থাৰ পৰা যাতে ৰাইজৰ বিশ্বাস আতৰি নাযায় চৰকাৰে তাৰে ব্যৱস্থা কৰক আৰু অখিল গগৈৰ ওপৰত থকাসমূহ গোচৰৰ পৰা জামিন দি তেওঁক উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আজিৰ সংবাদমেলৰ যোগেদি সংগঠনসমূহৰ নেতৃত্বই আজিৰ সংবাদমেলৰ যোগেদি চৰকাৰলৈ দাবী জনাই।

উল্লেখ্য যে আজিৰ সংবাদমেলত কাৰ্বি ছাত্ৰ সন্থাৰ উপদেষ্টা লাইচেন ইংলেং, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকন, ডিমাছা ষ্টুডেন্ট ইউনিয়ন কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ধিৰাজ ডিফুচা, সদৌ আদিবাসী ছাত্ৰ সন্থাৰ সুনীল দুংদুং, গাৰো কালচাৰেল চচাইটিৰ সভাপতি প্ৰকাশ চাংমা, কুকি নেচনেল এছেম্বলীৰ টংথং টৌথাংৰ লগতে মান-টাই ষ্টুডেণ্টচ্ এণ্ড ইউথ এছচিয়েশ্যন আৰু ৰেংগমা নাগা ষ্টুডেন্ট ইউনিয়নৰ নেতৃবৰ্গ উপস্থিত আছিল।

Tags: Featured
Share4Tweet3Send

Related Posts

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief
Assam

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

by News Desk
July 29, 2026
50
Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families
Assam

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

by News Desk
July 29, 2026
50
Assam CM Hails Tiger Conservation Success on International Tiger Day
Assam

Assam CM Hails Tiger Conservation Success on International Tiger Day

by Staff Reporter
July 29, 2026
50
Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates
Assam

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

by News Desk
July 28, 2026
50
Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized
Assam

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

by Staff Reporter
July 28, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
ADVERTISEMENT
Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief
Assam

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

July 29, 2026
50
Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families
Assam

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

July 29, 2026
50
Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case
National-International

Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

July 29, 2026
50
Assam CM Hails Tiger Conservation Success on International Tiger Day
Assam

Assam CM Hails Tiger Conservation Success on International Tiger Day

July 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

July 29, 2026
Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

July 29, 2026
Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

July 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx