
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লামডিং সমষ্টিৰ অন্তৰ্গত নখুটিৰ ৩নং খাগৰীজানত বিজেপিৰ কৰ্মী বিৰুদ্ধে একে গাঁৱৰে বিধৱা দুটি সন্তানৰ মাতৃৰ ধৰ্ষণৰ অভিযোগ। ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ ভাষ্য অনুসৰি জানিব পৰা মতে, নখুটী খাগৰীজানৰ ৭নং ওৱাৰ্ডৰ এগৰাকী অসহায়, দৰিদ্ৰ মহিলাই ১২ জুলাই আবেলি দুই মান বজাত ৭নং ৱাৰ্ডৰ ভোট কমিটিৰ সভাপতিৰজনৰ ঘৰলৈ গৈছিল চৰকাৰী অনুদান বিচাৰি।
পিছত মহিলাগৰাকীয়ে সভাপতিজনৰ ঘৰৰ পৰা নিজ গৃহলৈ গৈ থকা অৱস্থাত ভোট সমিতিৰ সভাপতিজনে পথাৰৰ নিৰ্জন ঠাইৰ সুবিধা গ্ৰহণ কৰি মহিলাগৰাকীক জংঘললৈ টানি নি বলপূৰ্বকভাৱে অপকৰ্মত লিপ্ত হয় । পিছত মহিলাগৰাকীয়ে সমগ্ৰীক ঘটনা পৰিয়ালৰ আগত কোৱাৰ লগতে, নখুটী আৰক্ষী চকীত সভাপতিজনৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে একো ব্যৱস্থা গ্ৰহণ নকৰাত কাষ চাপে সাংবাদিকৰ। সাংবাদিকৰ জৰিয়তে উৰ্ধতম কৰ্তৃপক্ষলৈ অনুৰোধ, উচিত বিচাৰ কৰক আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই।










