
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লামডিং সমষ্টিৰ অন্তৰ্গত জাৰণী গাঁৱৰ পথাৰত দপদপকৈ জ্বলিল এখন টেক্টৰ। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকাৰ তিনিআলিৰ পৰা জাৰণী গাঁৱৰ ইন্তাজ আলীয়ে নিজৰ ম্যাদী পট্টাৰ মাটিত ভূঁই ৰোপণ কৰিবৰ বাবে খেতি মাটি চহাৱলৈ টেক্টৰ এখন ভাড়ালৈ আনিছিল।
মাটি চহোৱাৰ পিছত টেক্টৰখন পথাৰতেই থৈ ভাড়াৰ হিচাপ কৰি থকা অৱস্থাত জাৰণী গাঁৱৰে এজন যুৱকে জাকিৰ হুচেইনে হাতত পেট্ৰ’ল ভৰ্তি বটল এটা লৈ আহি পথাৰৰ মাজত থকা ট্ৰেক্টৰখনত পেট্ৰ’ল ঢালি জ্বলাই দিয়ে। ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে তিনিআলি আৰক্ষী পহৰা চকীত যুৱকজনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।










