![]()
অজন্তা তালুকদাৰ:
বোকাখাত : মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি উদ্যানখনত শেহতীয়া বানপানীয়ে সৃষ্টি কৰা ক্ষয়-ক্ষতিৰ চৰজমিন বুজ লয়। আজি পুৱাৰ ভাগতে মুখ্যমন্ত্রীগৰাকীয়ে কহৰাস্থিত ৰাইজিং ছান ইংলিছ স্কুলত স্থাপন কৰা এটা আশ্রয় শিবিৰ পৰিদর্শন কৰি তাত আশ্রয় গ্রহণ কৰি থকা আৱাসীসকলৰ সৈতে মত-বিনিময় কৰে। এই শিৱিৰটোত ৫১টা পৰিয়ালৰ মুঠ ২৫১ গৰাকী সদস্যই আশ্রয় গ্রহণ কৰি আছে। ইয়াৰ পিছতে তেওঁ বৰজুৰিস্থিত বন্যপ্রাণী সংস্থাপন আৰু সংৰক্ষণ কেন্দ্র, চমুকৈ চি ডব্লিউ আৰ চিৰ পৰিদৰ্শন কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভিন্ন অঞ্চলৰ পৰা বানৰ কবলত পৰা গঁড়, ম’হ, হাতী, বাঘ আদি বিভিন্ন জীৱ-জন্তু উদ্ধাৰ কৰি এই কেন্দ্রত চিকিৎসা আৰু আশ্রয় প্রদান কৰা হৈছে।

মুখ্যমন্ত্রীয়ে এই বন্যপ্রাণীসমূহৰ উপযুক্ত তদাৰকী নিশ্চিত কৰাৰ বাবে কেন্দ্ৰটোৰ বিষয়ববীয়াসকলক নির্দেশ দিয়ে। তেওঁ কেন্দ্ৰটোত থকা বিভিন্ন সা-সুবিধাৰো বুজ লয়। কেন্দ্ৰটোত আশ্রয় গ্রহণ কৰা এটা গঁড়ৰ পোৱালিক মুখ্যমন্ত্রীয়ে নিজ হাতেৰে দুগ্ধ পান কৰোৱায়। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে নগাঁও জিলাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম প্রান্তৰ বাগৰিত উপস্থিত হৈ অঞ্চলটোৰ বান পৰিস্থিতিৰ বুজ লয়।

তেওঁ এন ডি আৰ এফ আৰু বন বিভাগৰ মটৰ বটেৰে মৰাডিফলু নদীৰ বুকুৰে ভ্রমণ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তঃভাগৰ বান প্লাবিত এলেকা পৰিদৰ্শন কৰে। বানপানীৰ সময়ত বন্য জন্তুৰ আশ্রয়ৰ বাবে বন বিভাগে নির্মাণ কৰা ওখ টিলা সমূহো (হাই লেণ্ড) পৰিদৰ্শন কৰি তাত আশ্রয় লৈ থকা বহু সংখ্যক বন্য জন্তু মুখ্যমন্ত্ৰীয়ে প্রত্যক্ষ কৰে। তেওঁ ডিফলু নদীৰ দুয়োকাষে থকা তথা বানপানীৰ গৰাহত পৰা কেইবাটাও বন শিবিৰ পৰিদর্শন কৰে। বানৰ গৰাহত পৰা মৰাডিফলু বন শিবিৰ, মুৰফুলনি বন শিৱিৰ আৰু গৰাকাটি বন শিবিৰৰ সমীপত উপস্থিত হৈ তেওঁ মটৰ বোটৰ পৰাই শিৱিৰ কেইটাৰ বনকৰ্মীসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ সুবিধা-অসুবিধাৰ বুজ লয়।
উল্লেখযোগ্য যে মৰাডিফলু নদীৰ বুকুৰে প্ৰায় ডেৰ ঘণ্টাৰো অধিক সময় পৰিভ্ৰমণ কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ ভয়াবহ বান পৰিস্থিতিৰ স্বচক্ষে বুজ লোৱাৰ সময়ত মুখ্যমন্ত্রী লগতে জলসম্পদ মন্ত্রী কেশৱ মহন্ত, কৃষিমন্ত্রী অতুল বৰা, সাংসদ কামাখ্যা প্রসাদ তাচা, বিধায়ক ঋতুপর্ণ বৰুৱা, বন বিভাগৰ শীর্ষ বিষয়াসকল তথা স্থানীয় সাংবাদিকৰ এটা দল উপস্থিত আছিল। মুখ্যমন্ত্রীয়ে নদীৰ বুকুতেই সাংবাদিকসকলৰ সৈতেও মত-বিনিময় কৰে।

সাংবাদিকসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৬ চনৰ পৰা বৰ্তমানৰ চৰকাৰখনে ৰাজ্যৰ বন্যপ্রাণীসমূহৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ সুফল আজি সকলোৱে প্রত্যক্ষ কৰিছে। ৰাজ্য চৰকাৰৰ প্রচেষ্টাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই উদ্যানখনৰ নির্দিষ্ট কেতবোৰ স্থানত নির্মাণ কৰা ওখ টিলাসমূহত আশ্রয় গ্রহণ কৰিব পৰাৰ ফলত এইবাৰৰ বানত বহু সংখ্যক বন্য জন্তু নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰিছে।
এই বানপানীৰ সময়ছোৱাত উদ্যানখনৰ বন্য জন্তুসমূহৰ সুৰক্ষা সুনিশ্চিত কৰাত আগবঢ়োৱা সাহাৰ্য যোগানৰ বাবে মুখ্যমন্ত্রীৰ কাজিৰঙাৰ চৌপাশৰ গঁঞা ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। চোৰাং চিকাৰী আৰু উদ্যানখনৰ সুৰক্ষাব বাবে গ্রহণ কৰা কঠোৰ পদক্ষেপৰ বাবে মুখ্যমন্ত্রীয়ে গোলাঘাট, কার্বি আংলং, নগাঁও, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বন বিভাগ, প্রশাসন আৰু আৰক্ষীকে ধন্যবাদ জ্ঞাপন কৰে।
বানপানীৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ পাহাৰত আশ্রয় লোৱা গঁড়, পহু, ম’হ আদি বন্যজস্তুসমূহৰ সম্পূর্ণ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষ আৰু কাৰ্বি আংলং জিলা প্রশাসন তথা আৰক্ষীক নির্দেশ দিয়ে। মুখ্যমন্ত্রী সোণোৱালে আজি সাম্প্রতিক বানত মৃত্যু সাঁৱটি লোৱা বোকাখাত মহকুমাৰ দুগৰাকী ব্যক্তি ক্রমে বাবু খেড়ীয়া আৰু সর্বেশ্বৰ দলেৰ নিকটাত্মীয়ৰ হাতত ৰাজ্য চৰকাৰে প্ৰদান কৰা ৪ লাখ টকাৰ এককালীন সাহায্যৰ চেকো প্রদান কৰে।
উল্লেখযোগ্য যে, শেহতীয়া বানত বোকাখাত মহকুমাৰ ৬৩ খন গাঁৱৰ প্রায় ৮০৪০০ গৰাকী লোক ক্ষতিগ্রস্ত হৈছে। এই বানত প্রায় ২১ হাজাৰ জীৱ-জন্তু আক্রান্ত হোবাৰ লগতে ১৬১৬ হেক্টৰ ভূমিৰ শস্য বিনষ্ট হৈছে। মহকুমাটোত ২১ টা আশ্রয় শিৱিৰ আৰু ৯৫টা সাহায্য বিতৰণ কেন্দ্র স্থাপন কৰা হৈছে। আশ্রয় শিৱিৰসমূহত ৪১২৭ গৰাকী লোকে আশ্রয় গ্রহণ কৰিছে। সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ তিনিটা দল মোতায়েন কৰা হৈছে আৰু তেওঁলোকে ১৮৬ গৰাকী লোকক বানপানীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।










