
নগাওঁ : কৰোনা ভাইৰাছে নগাঁও জিলাত গণসংক্ৰমণৰ ৰূপ ধাৰণ কৰিব খোজাৰ সময়তে জিলাখনত মাৰাত্মক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰাত জনসাধাৰণ আতংকিত হৈ পৰে । বিগত বৰ্ষসমূহৰ দৰে এইবাৰো জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাব ধৰিছে ।
চলিত বর্ষত জিলাখনত জুন মাহৰ পৰা বৰ্তমানলৈকে শিশুসহ ১০ জন লোক এই ৰোগত আক্রান্ত হৈছে। নগাওঁ জিলা মেলেৰিয়া বিভাগে জনোৱা মতে আক্রান্ত হোৱা সকলৰ ভিতৰত ইতিমধ্যে ৬জন সুস্থ হৈ উঠিছে। তিনিজন বৰ্তমানো চিকিৎসাধীন হৈ আছে। এটি শিশুসহ চিকিৎসাধীন হৈ থকা লোক তিনিজন হৈছে- কচুৱা আদৰ্শ চিকিৎসালয়ৰ অন্তৰ্গত পমিলা জাৰণিৰ শ্বাহাৰুল আলম (৪), কঠিয়াতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত উৰিয়া গ্ৰাণ্ট টুবুকিৰ চেলিমা খাতুন (২৮) আৰু চিমনাবস্তি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত নামগাঁৱৰ প্ৰাঞ্জল বৰা (২৫)।
আনহাতে জিলা মেলেৰিয়া বিভাগে জনোৱা মতে জিলাখনৰ বাৰপুজীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত পূৱ শালমৰাৰ সৰুমাই ডেকাৰ (৭০) জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈ ইতিমধ্যে মৃত্যু হয়। জিলা মেলেৰিয়া বিভাগে জনোৱা মতে জাপানীজ এনকেফেলাইটিছত মৃত্যু হোৱা সৰুমাই ডেকা আন কেইবাটাও ৰোগত আক্রান্ত হৈ আছিল।











