
ধেমাজিৰ জিলা কাৰাগাৰত কাৰাধ্যক্ষ দুলাল দাসে কয়দীৰ ওপৰত সংঘটিত কৰা বিভৎস কাণ্ডৰ অভিযোগত বৃহস্পতিবাৰে ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাৰ পিছতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ঘটনাৰ বিৱৰণী অনুসৰি, চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ২নং খনামুখৰ এগৰাকী মহিলাই ধেমাজি সদৰ আৰক্ষী থানাত দিয়া অভিযোগ অনুসৰি, তেওঁলোকৰ ২২ পুত্ৰ বিগত ২০১৬ বৰ্ষত এক বলাৎকাৰ গোচৰৰ বাবে যোৱা চাৰি বছৰে ধেমাজি কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছিল।
কিন্তু আশ্চৰ্যজনকভাৱে ধেমাজি কাৰাগাৰৰ কাৰাধ্যক্ষ দুলাল দাসে যোৱা ডেৰ বছৰৰ পৰা যুৱকজনৰ ১ বছৰৰ পূৰ্বে কাৰাগাৰৰ পৰা উলিয়াই দিয়াৰ প্ৰলোভন দি যৌন নিৰ্যাতনৰ দৰে পাশৱিক অত্যাচাৰ চলোৱাৰ লগতে বিভিন্ন সময়ত ভয়-ভাবুকি প্ৰদান কৰি ধাৰাবাহিকভাৱে কু-কৰ্ম চলাই আহিছিল৷ এই সমস্ত ঘটনা অলপতে যুৱকজনে মাতৃক অৱগত কৰে। দীৰ্ঘদিনেই চলা অত্যাচাৰত শাৰীৰিকভাৱে অসুস্থ হৈ পৰা যুৱকজনে উপায়ন্তৰ হৈ আত্মহত্যা কৰিব বুলিও ফোনযোগে মাতৃক অৱগত কৰিছিল৷
ইফালে ঘটনাটো গাপ দিয়াৰ চক্ৰান্তৰে দুলাল দাসে যুৱকজনক মানসিক চিকিৎসালয়ত চিকিৎসা কৰোৱাই উন্মাদ সজোৱাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপিত হৈছে। প্ৰণিধানযোগ্য যে এইগৰাকী কাৰাধ্যক্ষৰ বিৰুদ্ধে পূৰ্বেও এই ধৰণৰ নিৰ্লজ্জ কাণ্ড সংঘটিত কৰাৰ অভিযোগত প্ৰায় সাতটা গোচৰ ৰুজু হৈ আছে বুলি এক বিশ্বস্ত সূত্ৰে সদৰী কৰিছে।
অৱশেষত এই ঘটনাৰ সংক্ৰান্তত যোৱা ৬ জুলাইত ধেমাজি উপায়ুক্তক দিয়া অভিযোগৰ ভিত্তিত ধেমাজি আৰক্ষীয়ে কাৰাধ্যক্ষ দুলাল দাসৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৭ ধাৰাত ২৮৫/২০২০ নম্বৰত গোচৰ পঞ্জীয়ন কৰে। তাৰেই পৰিপ্ৰেক্ষিতত তদন্তকাৰী বিষয়া পদ্মেশ্বৰ বৰকটকীয়ে বৃহস্পতিবাৰে কাৰাধ্যক্ষ দুলাল দাসক গ্ৰেপ্তাৰ কৰি ধেমাজিৰ প্ৰথম শ্ৰেণী আদালতত হাজিৰ কৰা পিছত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।











