
গুৱাহাটী বশিষ্ঠ আৰক্ষী থানা প্ৰথমজন বিষয়াৰ ক’ৰনাত আক্রান্ত।উপ পৰিদৰ্শক দীপজ্যোতি ইংতি আক্ৰান্ত হৈছে কৰ’না ভাইৰাছত।
বৃহস্পতিবাৰে কিছু পৰিমানে অসুস্থ হৈ পৰা উপ পৰিদৰ্শক গৰকীয়ে সৰুসজাই ষ্টেডিয়ামত এন্টিজেন টেষ্ট কৰিছিল । তাতে বিষয়া গৰাকী দেহত কৰ’নাৰ উপস্থিতি ধৰা পৰে।ইফালে বিষয়া গৰাকী আক্রান্ত পাছতে পত্নীও আক্ৰান্ত হৈছে কৰ’নাত।
সোণাপুৰ অসামৰিক চিকিৎসালয়ত বিষয়া গৰাকীক ভৰ্তি কৰোৱা হৈছে।বৃহস্পতিবাৰলৈ তেওঁ সংস্পৰ্শলৈ অহা লোকসকলৰ আজি নমুনা সংগ্ৰহ সংগ্ৰহ কৰা হ’ব ৷
উল্লেখ যে অসম আৰক্ষীত মুঠ ৭২৬জন বিষয়া জোঁৱান আক্রান্ত হৈছে ক’ৰনাত।তাৰে ৩৫০জন সুস্থ হোৱা বিপৰীতে এগৰাকী আৰক্ষীৰ জোৱান মৃত্যু হৈছে।গুৱাহাটীত সৰ্বাধিক আৰক্ষীৰ বিষয়া-জোঁৱান আক্রান্ত হৈছে ক’ৰনাত।











