নিউজ ডেস্ক:
বিগত মার্চ মাহৰ পৰাই ক’ৰোনা ভাইৰাছৰ প্ৰকোপ দেখি আহিছে সমগ্ৰ বিশ্ববাসীয়ে। মাত্র এটি আণুবীক্ষণিক ভাইৰাছে যে সমগ্ৰ মনুষ্যকুলক এনেদৰে ধৰাশায়ী কৰিব পাৰে সেয়া হয়তো ২০২০ৰ পূৰ্বে সম্ভৱত কোনোৱেই ভাবিব পৰা নাছিল। লক্ষ লক্ষ মৃত্যুৰ সৈতে অবনতিৰ দিশে বহু কেইখন দেশৰ বিগত চাৰি মাহ ধৰি কৰোনাৰ সৈতে চলিছে যুঁজ।
সমগ্ৰ বিশ্ব চলি গৈছে লকডাউনৰ অধীনলৈ। ভাৰতত এতিয়া পৰ্যায় অনুসৰি উঠিছে লকডাউন। লাহে লাহে ছন্দলৈ উভটিছে মানুহৰ জীৱন। লকডাউনত যিসকলৰ কাম বন্ধ আছিল তেওঁলোকৰ কিছু সংখ্যকে নতুনকৈ জীবিকা আৰম্ভ কৰিছে। কিন্তু বাকীসকলৰ ওচৰত এতিয়াও নাই কোনো কাম। কলকাতাৰ নীলিশা বছাকো তেনেকুৱাই এগৰাকী।
পেছাত তেওঁ গায়িকা। কিন্তু দীর্ঘ লকডাউনে নীলিশাক তেওঁৰ পেছাৰ পৰা আঁতৰাই দিছে। বাধ্য হৈ এতিয়া দোকানী হ’বলগা হৈছে তেওঁ। কলকাতাৰ নামী গায়িকাই এতিয়া সংসাৰ চলাবলৈ ফুটপাথতে দোকান খুলি বহিছে। হাতীবাগানৰ হৰি ঘোষ স্ট্রিটত ট্রাম লাইনৰ কাষৰ ফুটপাথত নীলিশাৰ দোকান। পোৱা যায় গাখীৰ, পাউৰুটি, কণী, বিভিন্ন প্ৰকাৰৰ বিস্কুট, কুকিজ।
পুঁজি বুলিবলৈ নিজৰ ব্যাঙ্ক একাউন্টৰ জমা টকা। দুই ককায়েকৰ সহযোগিতাতেই এই দোকান খুলিছে নীলিশাই। প্রতিদিনে পুৱা ৬টাৰ পৰা আৰম্ভ হয় তেওঁৰ জীৱন সংগ্রাম। ২৪ বছৰীয়া নীলিশাই স্নাতক উত্তীৰ্ণ হৈ সঙ্গীতকেই নিজৰ পেছা হিচাবে বাছি লয়। কলকাতা আৰু ওচৰ-পাজৰৰ জিলাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত নীলিশাৰ গান বেছ জনপ্রিয়।
বিশেষকৈ দৌল, ৰথযাত্রাৰ দৰে উৎসৱত ব্যস্ততা বাঢ়ে তেওঁৰ। কিন্তু ক’ৰোনাৰ প্রকোপত বন্ধ হৈ গৈছে এইবোৰ অনুষ্ঠান। জনসমাগম বন্ধ। ফলত বন্ধ হৈছে নীলিশাৰ পেছাও। কিন্তু সংসাৰতো চলাবই লাগিব। সেয়ে বাধ্য হৈ দোকানদাৰী। যেতিয়া লৈকে ক’ৰোনা সম্পূৰ্ণভাৱে নাযাব, পৰিস্থিতি আগৰ দৰে স্বাভাবিক নহ’ব তেতিয়ালৈকে এই সৰু দোকানখনেই নীলিশাৰ জীৱিকাৰ সম্বল।