
জিতেন বৰকটকী
নগাঁও : কৰ’না ভাইৰাছৰ সংক্ৰমণে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰা নগাঁৱত আজি দুপৰীয়া উপস্থিত হয়হি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা। নগাঁৱত কৰ’না ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ডঃ শৰ্মাই কয়- “গুৱাহাটীৰ পিছতে যি কেইখন চহৰত কৰ’নাৰ গণসংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকা আছে তাৰ ভিতৰত নগাঁও অন্যতম। আগষ্ট মাহৰ শেষৰ ফালে নগাঁৱত কৰ’না ৰোগীৰ সংখ্যাই ২৫০০ অতিক্রম কৰিব। নগাঁৱতো আৰম্ভ কৰা হ’ব ৰেপিড টেষ্ট। “নগাঁও আৱৰ্ত ভৱনত আয়োজিত এক সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান নগাঁৱত তিনিশ ৰোগীক চিকিৎসা কৰিব পৰাকৈ স্বাস্থ্য বিভাগ সাঁজু থকা বুলি উল্লেখ কৰি লগতে কয় যে যিহেতু ৰোগীৰ সংখ্যা অধিক বৃদ্ধি পাব পাৰে সেয়ে বিকল্প ব্যৱস্থাৰ বাবে জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰা হৈছে।
উল্লেখ্য, আজি দিনৰ ১২ বজাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত থকা কোভিড-১৯ চিকিৎসালয় পৰিদৰ্শন কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ অধীক্ষক আৰু চিকিৎসকৰ পৰা চিকিৎসা সেৱা সম্পৰ্কীয় বিভিন্ন সা-সুবিধাৰ বুজ লয় । ইয়াৰ পিচত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে নগাঁও আৱৰ্ত ভৱনত জিলা উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্য সঞ্চালকৰ সৈতে এক বৈঠকত মিলিত হয়। আৱৰ্ত ভৱনত আয়োজিত উক্ত বৈঠকত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ লগতে জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। ইপিনে প্লাজমা থেৰাপি সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমত প্লাজমা দান কৰা লোকৰ সংখ্যা তেনেই তাকৰ। এতিয়ালৈকে মাত্ৰ ৭-৮জন লোকেহে প্লাজমা দান কৰিছে।
ইপিনে নগাঁৱত লক ডাউন দিয়া সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়- “এতিয়ালৈকে নগাঁৱত লক ডাউনৰ প্ৰয়োজনীয়তা আমি অনুভৱ কৰা নাই। ঘৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ সময়ত প্ৰতিজন লোকে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই চলিব লাগিব। যদিহে পৰিস্থিতি বেয়াৰ ফাললৈ গতি কৰে তেন্তে জিলা উপায়ুক্তক এই সন্দৰ্ভত সম্পূৰ্ণ কৰ্তৃত্ব দিয়া আছে।”
উল্লেখ্য যে নগাঁও চহৰৰ চাৰিখন বিদ্যালয়ত স্বাস্থ্য বিভাগে ৰেপিড টেষ্টৰ কাম আৰম্ভ কৰাৰ লগতে এতিয়াৰে পৰা নগাঁৱতো শ্বাব টেষ্টৰ ফলাফল মাত্ৰ ৩০ মিনিটতে লাভ কৰিবলৈ সক্ষম হ’ব বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰে ।
আনহাতে নগাঁৱৰ ম’হখুলিত নিৰ্মাণ কাৰ্য চলি থকা চিকিৎসা মহাবিদ্যালয়খন ২০২১ বৰ্ষত মুকলি কৰিব পৰা যাব বুলিও স্বাস্থ্য মন্ত্ৰী ডঃ শৰ্মাই সংবাদমেলত অৱগত কৰে । নগাঁৱৰ পৰিস্থিতি পৰ্য্যবেক্ষণ কৰাৰ পিছতে স্বাস্থ্য মন্ত্ৰীগৰাকী গোলাঘাটলৈ বুলি ৰাওনা হয় ।










